এজোপা বিস্ময়কৰ গছ – বাখৰ বেঙেনা
–ৰেখা বৰগোহাঁই
শিৱসাগৰ জিলাৰ ডিমৌ বিধানসভা সমষ্টিৰ অন্তৰ্গত বকতা মৌজাৰ মধ্যভাগত এজোপা অতি বিস্ময়কৰ তথা ৰহস্যজনক গছ আছে ।নাম ‘বাখৰ বেঙেনা’ গছ। শিৱসাগৰ সদৰৰ পৰা ইয়াৰ দূৰত্ব প্রায় ২৫ কিলোমিটাৰ। বৰ্তমান এই গছজোপাৰ বিষয়ে নুশুনা লোক খুব কমেই ওলাব।
বাখৰবেঙেনা এজোপা চুটি-চাপৰ, কাঁইটীয়া গুল্মজাতীয় উদ্ভিদ। সাধাৰণতে বেঙেনা বুলি কওঁতে আমি যিবিধ গছৰ বিষয়ে জানো সেইবিধ গছৰ দৰে নহয় বাখৰ-বেঙেনা গছ। বাখৰ বেঙেনা ডাল-পাত, ফল-ফুল, শাখা-প্রশাখাযুক্ত এজোপা পূর্ণাংগ গছ। জোপোহা গছজোপা দেখাত এখন দোলাৰ নিচিনা। বাখৰ বেঙেনাৰ মূল গছজোপাৰ পৰা ৯ ডাল গছ ওলাইছে। প্রত্যেকডাল গছেই একাবেকা হৈ ওপৰলৈ গৈছে আৰু দুডালমান বেঁকা হৈ মাটিৰ পৰা এফুট ওপৰত আছে। মূল গছজোপাৰ পৰা প্ৰায় ২৩ ফুট দূৰত্বত আন এজোপা একে গছ আছে। সম্ভৱ মূল গছজোপাৰ শিপাৰ পৰা এই গছজোপাৰ জন্ম। বাখৰ-বেঙেনা গছজোপাৰ প্রায় ৩০ ফুট ওখ। মূল গছজোপাৰ ব্যাসার্ধ প্রায় ১৮ ইঞ্চি আৰু অন্য জোপাৰ ব্যাসার্ধ প্রায় ২৪ ইঞ্চি। গছজোপাৰ ডালৰ আগবোৰত কিছুমান তিনি বা চাৰি ফেৰেঙীয়া কাঁইট থাকে। এই কাঁইটবিলাক দেখাত জাংফাই কেৰুৰ নিচিনা। জেঠ মাহত গছজোপাত ফুল ফুলে। ফুলবিলাক বগা, পাহিবোৰ ডাঠ। পাহিবোৰৰ মাজত গুণাৰ দৰে কিছুমান কেশৰ থাকে। কেশৰবিলাক ৰ’দত জিলিকে। ফুলবিলাকৰ পৰা তগৰ ফুলৰ দৰে মৃদু গোন্ধ ওলায়। আহাৰ মাহৰ পৰা গছজোপাৰ গুটি ধৰে। গুটিবিলাক মধুৰি আমৰ দৰে। মজলীয়া আকাৰৰ তামোলটোৰ সমান ইয়াৰ আকাৰ আৰু গুটিবিলাক পকিলে হালধীয়া হয়। যেতিয়া গুটিবিলাক পকে, তেতিয়া ফালি চালে বাখৰৰ দৰে জিলিকে।গুটিবিলাক খোৱাৰ উপযোগী নহয়। ইয়াৰ স্বাদ তিতা।
বাখৰ বেঙেনা গছজোপা বর্তমান দুষ্প্রাপ্য গছৰূপে পৰিগণিত হৈছে। কিয়নো এই গছজোপা অসমৰ অন্য ঠাইত থকাৰ প্ৰমান পোৱা নাই। আনকি ভ্রমণকাৰী উদ্ভিদবিধ, উদ্ভিদ বিজ্ঞানী, প্রকৃতিপ্রেমীসকলেও অসমৰ বাহিৰত যেনে পশ্চিমবংগৰ সুন্দৰবন, হিমালয়ৰ পাদদেশত অর্থাৎ তৰাই অঞ্চলতো বাখৰ-বেঙেনা থকাৰ প্ৰমাণ পোৱা নাই বুলি কৈছে। উল্লেখযোগ্য যে এই গছজোপাৰ প্ৰজনন ক্ষমতা নাই বুলিব পাৰি। কাৰণ বিভিন্ন লোকে বিভিন্ন উপায়ে এই গছজোপা জীয়াব বিচাৰিছে যদিও সক্ষম হোৱা নাই। তেনেহ’লে এই গছজোপা উজনি অসমৰ বকতা অঞ্চললৈ আহিল ক’ৰ পৰা। ঐতিহাসিক দিশৰ পৰা কোনোৱে ক’ব বিচাৰে যে দ্বাদশ শতিকাৰ পৰা চতুদর্শ শতিকালৈকে অসমত বৰাহীসকল প্রবল প্রতাপী হৈ উঠিছিল। মধ্য অসমৰ পৰা পূব অসমলৈকে বৰাহ বা বৰাহীসকলৰ ৰাজ্য আছিল। বৰাহী ৰাজ্যৰ ৰাজধানী আছিল জয়ন্তীপুৰ। বৰাহীসকলৰ শ্ৰেষ্ট ৰজাজন আছিল মহা ৰাজশ্রী মহামাণিক্য। বাখৰ-বেঙেনা গছজোপা মহামাণিক্যই ৰোপন কৰিছিল বুলি বহুতে ক’ব খোজে। চীন সম্রাটে মহামাণিক্যৰ ৰাজসভালৈ এজন বিজ্ঞ ৰাজকটকী পঠিয়াইছিল। ৰাজকটকীয়ে উপঢৌকন হিচাপে বাখৰ-বেঙেনাৰ পুলিটি ৰজাক দিছিল। মহামাণিক্যই ৰাজ্যৰ সীমা নির্ধাৰণ কৰাৰ সময়ত চুটীয়া ৰজাক এই পুলিটি ৰোপনৰ দায়িত্ব অর্পণ কৰিছিল। উভয় ৰজাই সম্প্ৰীতিৰ চিনস্বৰূপে পুলিটি উক্ত সীমা নিৰ্দ্ধাৰণ কৰাৰ স্থানতে ৰোপন কৰিছিল। গতিকে সেই হিচাপে বাখৰ-বেঙেনাজোপাৰ বয়স ৮০০ বছৰমান বুলি ক’ব বিচাৰে। কিন্তু ‘বাখৰ-বেঙেনা বৃক্ষ সংৰক্ষণ সমিতি’য়ে এই কথা ঘোষণা কৰিছে যে বাখৰ-বেঙেনা গছজোপাৰ প্ৰকৃত বয়স নিশ্চিত হৈছে। লক্ষ্মৌৰ বীৰবল চাহানী ইনষ্টিটিউট অৱ পলিঅ’ ব’টানিৰ গৱেষক দলে বাখৰ বেঙেনা গছজোপাৰ প্ৰকৃত বয়স নির্ধাৰণ কৰিছে। প্রায় দুবছৰ ধৰি চলোৱা গৱেষণাৰ অন্তত সংস্থাটাৱে প্ৰকাশ কৰিছে যে বাখৰ-বেঙেনা গছজোপাৰ প্রকৃত বয়সৰ ৫৮০ বছৰ। গৱেষণাত ইয়াকো প্রকাশ পাইছে যে গছজোপাত বর্তমান নানা বেমাৰ আজাৰে আগুৰি ধৰিছে। উক্ত সংস্থাটোৰ উপৰি বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান, ব্যক্তি আদিয়ে গছজোপা পৰীক্ষা-নিৰীক্ষা, চোৱা-চিতাত মনোনিবেশ কৰি আছে।
বাখৰ-বেঙেনা গছজোপাৰ চাৰিত্ৰিক বৈশিষ্ট্য লক্ষ্য কৰি উদ্ভিদবিদসকলে স্পষ্টভাবে ‘ৰুবিয়ে’ ছি'(Rubiaceac) বৃক্ষৰ পৰিয়ালৰ বুলি মন্তব্য কৰিছে। ১৯৮২ চনত মিঃ শিৱৰাজন নামৰ বিজ্ঞানীজনে এই গছজোপাৰ বৈজ্ঞানিক নাম Catunaregum Uliginosa বুলি কৈছে।
বাখৰ-বেঙেনা গছজোপাৰ লগত জড়িত হৈ অঞ্চলটোত বহুতো অনুষ্ঠান-প্ৰতিষ্ঠানৰ জন্ম হৈছে। গছজোপাৰ লগত বহুতো অলৌকিক ঘটনাও জড়িত থকা বুলি ৰাইজৰ বিশ্বাস। স্থানীয় ৰাইজে গছজোপাত কালিকা থকা বুলি বিশ্বাস কৰে। আজিও গছজোপাৰ তলত ৰাইজে পূজা-পাতল কৰে।
বর্তমান বাখৰ-বেঙেনা গছজোপাৰ বিষয়ে শুনা লোকৰ সংখ্যা বাঢ়ি অহাত দূৰ-দূৰণিৰ পৰাও গছজোপাৰ দৰ্শনৰ বাবে অহা লোকৰ সংখ্যা বাঢ়িছে।
ডিচেম্বৰ-জানুৱাৰী মাহত বনভোজ খাবলৈ বহু লোকৰ আগমন ঘটে। অন্য সময়তো গছজোপা চাবলৈ অসমৰ বিভিন্ন ঠাইৰ পৰা লোক আহে।কিন্তু আজিও গছজোপাৰ চৌপাশ পয্যটন স্থলীলৈ ৰূপান্তৰিত হোৱা নাই । গতিকে স্হানীয় ৰাইজে বিশেষ পদক্ষেপ হাতত ল’ব লাগিব। বাখৰ – বেঙেনা গছজোপাৰ বিষয়ে প্ৰচাৰ আৰু প্ৰসাৰ কৰিব লাগিব।স্থানীয় ৰাইজে গছজোপাৰ চাৰিওফালে সুন্দৰকৈ সজাই-পৰাই দর্শনাথীক আকৰ্ষণ কৰিব পাৰিলে দুই- চাৰিজন নিবনুৱা লোকৰো জীৱিকাৰ পথ মুকলি হ’ব।







































































