আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ ফলাফল ক’ত ক’ত চাব পাৰিব?
অৱশেষত আজি ঘোষণা হ’ল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক (Sub-Inspector) নিযুক্তি ২০২৫ৰ ফলাফল। আজি দিনৰ ১১ বজাত ঘোষণা হৈছে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাবে লিখিত পৰীক্ষাৰ ফলাফল। State Level Police Recruitment Board (SLPRB) ত ঘোষণা কৰে এই ফলাফল। উল্লেখ্য যে SLPRB য়ে চলিত বৰ্ষৰ ৫ জানুৱাৰীত ২০৩ টা খালী পদৰ বিপৰীতে অনুষ্ঠিত কৰিছিল লিখিত পৰীক্ষা। লিখিত পৰীক্ষা(Combined Written Test 2025)ত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে নিজৰ ফলাফল SLPRB ৰ অফিচিয়েল ৱেবচাইত www.slprbassam.in ত চাব পাৰিব।
খালী পদসমূহ হৈছে –
- উপ-পৰিদৰ্শক (Sub-Inspector (Unarmed Branch)- ১৪৪ টা।
- উপ-পৰিদৰ্শক (Sub-Inspector of Police (Communication), APRO- ৭ টা
- উপ- পৰিদৰ্শক (Sub-Inspector (Armed Branch) for Assam Commando Battalions)- ৫১ টা
কেনেকৈ চাব ফলাফল
- প্ৰথমে আপুনি SLPRB Assam ৰ অফিচিয়েল ৱেবছাইট www.slprbassam.in লৈ যাওক।
- হোমপেজত RESULT OF CWT-2025 HELD ON 05-01-2025 ত ক্লিক কৰক
- পাছত নিজৰ আবেদনৰ নম্বৰ, নাম আদি প্ৰয়োজনীয় তথ্য দিয়াৰ পাছত নিজৰ ফলাফল ডাউনলোড কৰিব পাৰিব।
পৰৱৰ্তী পৰ্যায়: PST আৰু PET সূচী
- ১৭ মাৰ্চ, ২০২৫ (পুৱা ৭:০০ বজা): SI (UB) in Assam Police and SI (Communication) in APRO (মহিলা প্ৰাৰ্থীৰ বাবে)
- ১৮ মাৰ্চ, ২০২৫ (পুৱা ৭:০০ বজা): SI (AB) in Assam Commando Battalions (মহিলা প্ৰাৰ্থীৰ বাবে)
- ১৯ আৰু ২০ মাৰ্চ, ২০২৫ (পুৱা ৭:০০ বজা): SI (UB) in Assam Police আৰু SI (Communication) in APRO (পুৰুষ প্ৰাৰ্থীৰ বাবে)
- ২১ মাৰ্চ, ২০২৫ (পুৱা ৭:০০ বজা): SI (UB) in Assam Police আৰু SI (Communication) in APRO (পুৰুষ প্ৰাৰ্থীৰ বাবে)
উল্লেখযোগ্য যে, সংযুক্ত লিখিত পৰীক্ষা (CWT-2025)ত উত্তীৰ্ণ প্ৰাৰ্থীয়ে অহা ৯ মাৰ্চৰ পুৱা ১১:০০ বজাৰপৰা SLPRBৰ ৱেবছাইটৰ পৰা PST আৰু PETৰ বাবে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব।