আহোম যুগৰ পুখুৰীসমূহৰ বৈশিষ্ট্য

ৰেখা বৰগোহাঁই

আহোম যুগৰ গুৰুত্বপূৰ্ণস্থাপত্য কলাসমূহৰ ভিতৰত পুখুৰীসমূহ অন্যতম। উন্নত বৈজ্ঞানিক কলা-কৌশলেৰে নিৰ্মাণ কৰা পুখুৰীসমূহ বর্তমানেও আমাৰ জনজীৱনত তথা পুৰাতত্ব অধ্যয়নত গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আছে। ছশ বছৰীয়া আহোম ৰাজত্বকালত স্বর্গদেউসকলে বিভিন্ন কাৰণত পুখুৰীসমূহ খন্দাইছিল। আনহাতে ৰাজবিষয়া, ৰাজমাও, ৰাণী, ৰাজকোঁৱৰসকলৰ তত্বৱধানতো কিছু সংখ্যক পুখুৰীখন্দা হৈছিল। বিভিন্ন পদ্ধতি অৱলম্বন কৰি পুখুৰীৰ স্থান নির্ণয় কৰিছিল। পুখুৰী খান্দিবলৈ নির্বাচন কৰা স্হানত নিশা মিঠাতেলৰ চাকি জ্বলাই, মাটিৰ ওপৰে ওপৰে চাকি লৈ গৈ থাকোতে যি ঠাইত জ্বলোৱা চাকি ধপকৈ নুমাই যায়, সেই ঠাইতে পানীৰ উহঁ থকা বুলি ধৰে আৰু সেই ঠাইকে কেন্দ্ৰ কৰি পুখুৰী খান্দে। সেই কেন্দ্ৰৰ কাষতে নাগ পোতে।

সেই কাৰণে আহোম যুগৰ পুখুৰীসমূহক নাগপোতা পুখুৰী বা নগাফুটা পুখুৰী বোলে। এইখিনি কাম কৰিবলৈ যাওঁতে মাটি চেলেকা বৰুৱায়ো গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰে। অৰ্থাৎ চাকি নুমাই যোৱাৰ পিছত মাটি চেলেকা বৰুৱাই মাটি চেলেকি পানীৰ উহঁ থকা স্থান নির্ণয় কৰে। উহঁ থকা স্থানতে নাগমাৰি পোতা হয়। নাগমাৰি পুতি তাত ৰহ বা পাৰা ঢালি এঙাৰ বা শিলেৰে ঠাইডোখৰ পৰিপূৰ্ণ কৰা হৈছিল। ৰহ ঢলাৰ মূল কাৰণটোৱেই হৈছে পানী ভৱিষ্যতলৈকে ফটফটীয়া কৰি ৰখা। আনহাতে ৰহ ঢলাৰ কাৰণেই আজিও আহোম যুগৰ পুখুৰীৰ পানী ফটফটীয়া হৈ আছে। নাগমাৰি পোতাৰ পিছত পুখুৰীৰ চাৰিওফালে যমুনা খান্দি তাৰ মাটিৰে পাৰ বান্ধিছিল।

পাৰবোৰ চাৰিওফালৰ মাটিতকৈ ওখ আছিল। যাতে বাহিৰৰ পৰা লেতেৰা পানী পুখুৰীলৈ সোমাব নোৱাৰে। উহেঁদি সদায় পানী ওলাই থকাৰ কাৰণেই আহোম যুগৰ পুখুৰীবিলাকত বছৰৰ সকলো সময়তে পানীৰ পৰিমাণ একে থাকে। পুখুৰীত ৰহঢলা কামতো ৰসেন্দ্ৰ বৰুৱা নামৰ বিষয়াগৰাকীৰ তত্বৱধানত সমাপন হৈছিল। আহোম যুগত সাতটা সাগৰ সদৃশ পুখুৰী নিৰ্মাণ হোৱাৰ লগতে অজস্ৰ সৰু-বৰ পুখুৰী জনহিতার্থে খন্দোৱা হৈছিল। সেইবিলাকৰ ভিতৰত একাংশ পুখুৰীৰ নাম হৈছে- শ ধোৱা পুখুৰী, পেটুধোৱা পুখুৰী, চৰাইদেউ বুঢ়াগোহাঁই পুখুৰী, চৰাইদেউ বৰগোহাঁই পুখুৰী, ৰহদৈ পুখুৰী, টেঙাপুখুৰী, ধিতাই পুখুৰী, নিতাই পুখুৰী, দা-ধৰা পুখুৰী, নাঙল ধোৱা পুখুৰী, কোৰধোৱা পুখুৰী, লেতেকু পুখুৰী, পানীবিল পুখুৰী, বাইলুং পুখুৰী, দৌল পুখুৰী, আঁচুবুলীয়া পুখুৰী, বেংখোৱা পুখুৰী, মেচাগড় পুখুৰী, খেমদৈ পুখুৰী, দেওৰজাপুখুৰী, ফুলপানী ছিগাপুখুৰী, ভৰালী পুখুৰী, নামতি পুখুৰী, গৰখীয়া পুখুৰী, দেওধাই পুখুৰী, বামুণ পুখুৰী, লিগিৰী পুখুৰী, আদি কৰি বহু পুখুৰী আহোম যুগত নিৰ্মাণ কৰা হৈছিল।

আহোম যুগত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰজাৰ সুবিধার্থে অজস্ৰ পুখুৰী খন্দাইছিল। যিবিলাকে সেই যুগৰ শৌর্য-বীর্য ঐতিহ্যক আজিও সগৌৰৱেৰে বহন কৰি আছে। কিন্তু লাহে লাহে বহু কাৰণত পুখুৰীসমূহৰ অস্তিত্ব নাইকিয়া হৈ আহিবলৈ ধৰিছে। কিছু প্রাকৃতিক কাৰণবশত ইতিমধ্যে মৃত্যুমুখত পৰিছে আৰু কিছু সংখ্যক পুখুৰী বৰ্তমান বেদখলৰ কৱলত পৰাৰ ফলত নিজস্বতা হেৰুৱাৰ উপক্ৰম হৈছে। আমি ভালদৰে লক্ষ্য কৰিলেই দেখা পাওঁ পুখুৰীসমূহৰ পাৰত বেদখল কৰি ঘৰ-দুৱাৰ সাজিছে বা অন্যান্য ৰাজহুৱা অনুষ্ঠান গঢ় লৈ উঠিছে। আনহাতে সদায়েই পানীৰে ওপচি থকা, আহোম যুগৰ পুখুৰীসমূহৰ পানী বৰ্তমান কম হৈ আহিবলৈ ধৰিছে।

যি কাৰণত অনাগত দিনত পুখুৰীসমূহৰ অস্তিত্বহীন হৈ পৰিব তাকে উমান দিয়ে। এটা কথা অপ্রিয় হ’লেও সত্য যে আমাৰ সৰহ সংখ্যক লোকৰে ঐতিহ্যৰ প্ৰতি কোনো সন্মান নাই। সেয়েহে সেইচাম লোকে আমাৰ কীৰ্তিচিহ্ন ঐতিহাসিক পুখুৰী বা ইতিহাস-সভ্যতা সংস্কৃতিক, অৱজ্ঞাৰ চমুৰে চায়। তেনেকৈ যদি আমি আমাৰ ঐতিহ্য, কীৰ্তিচিহ্ন, পুখুৰী আদি বিলাকক অৱজ্ঞাৰ চকুৰে চাই থাকো তেনেহ’লে আমি নিজস্বতা হেৰুৱাবলৈও বেছিদিন নালাগিব। আমি সদায়ে মনত ৰাখিব লাগিব যে যি জাতিৰ ইতিহাস নাই সেই জাতিৰ অস্তিত্বও নাই। গতিকে আমি সচেতন-সজাগ হোৱাৰ সময় সমাগত।

Leave a comment

Your email address will not be published. Required fields are marked *