আমি বাৰু শিপা হেৰুৱাইছোঁ নেকি?

ৰেখা বৰগোহাঁই

‘শিপা’ যিমানেই গভীৰ আৰু মজবুত হয় সিমানেই এটা জাতিৰ আয়ুসৰেখা বৃদ্ধি পায়। শিপাৰ পৰা বিচ্ছিন্ন হ’লে শিপাহীন এটা জাতি অস্তিত্বহীন হৈ পৰে। আৰু অতি সোনকালে জাতিটো মৃত্যুমুখত পৰে।

বিভিন্ন জাতি-ধর্ম-বর্ণ নির্বিশেষে গঢ় লৈ উঠিছে অসমীয়া বৃহৎ জাতি। বিভিন্ন ভাষা-ভাষী, বিশ্বাস-পৰম্পৰা, সাজপাৰ, ৰীতি-নীতি আদিৰে গঢ় লৈ উঠিছে অসমীয়া সমাজ। যুগ যুগ ধৰি দিয়া-লোৱাৰ প্ৰথাৰে, বাৰেৰহণীয়া কলা-কৃষ্টি-সংস্কৃতি আদিৰে কোনেও কাকো দমন-নিপীড়ন নকৰাকৈ অসমৰ মাটিত সকলোৱে বৰ অসমীয়া জাতি হৈ বাস কৰি আছোঁ। কিন্তু অতীতৰ পৰা একতাৰ ডোলেৰে বান্ধ খাই থকা অসমীয়া জাতিৰ মাজত বৰ্তমান ক’ৰবাত যেন ঘুণে ধৰিবলৈ আৰম্ভ কৰিছে। আমি যেন ঘাই শিপাডালৰ পৰা বিচ্ছিন্ন হোৱাৰ উপক্ৰম হৈছোঁ। সকলোৱে যেন নিজস্বতা বিচাৰি চাৰুলীয়া শিপাত পৰিণত হ’বলৈ গৈ আছোঁ। কিন্তু চাৰুলীয়া শিপা হৈ আমি কিমান দিনলৈ মাটি খামুচি থিয় হৈ থাকিব পাৰিম? সেয়া এতিয়া আমি ভবাৰ সলনি উগ্র জাতীয়তাবাদক প্রশ্রয় দি আমি আমাৰে সৰ্বনাশ মাতি আনিছোঁ।
ভাষা হ’ল এটা জাতিৰ প্ৰথম চিনাকি। অসমৰ প্ৰতিটো সম্প্রদায়ৰে নিজস্ব ভাষা বা দোৱান আছে যদিও সকলোৱে বুজি পোৱা প্রধান ভাষাটো হ’ল অসমীয়া ভাষা। কিন্তু বর্তমান অসমীয়া ভাষাটো গভীৰ সংকটত পৰিছে। সকলোৰে বাবে যেন এই ভাষা এলাগী হ’বলৈ ধৰিছে। যিটো ভাষাৰ কাৰণে এসময়ত বহুতো শ্বহীদ হ’ল এই ভাষাটোকে আজি আমি মর্যাদা দিব পৰা নাই। পাহাৰ-ভৈয়ামত বাস কৰা সকলোকে বান্ধি ৰখা মাধ্যমটোৱে হৈছে অসমীয়া ভাষা। কিন্তু আজি আমাৰ সমাজত তথাকথিত অসমীয়াই আৰু নৱপ্ৰজন্মই অসমীয়া ভাষাক আউটডেটেড বুলি ভাবিবলৈ হৈছে। শুদ্ধ অসমীয়া কোৱাজনক উপহাস কৰা লোকৰো সংখ্যা অধিক। অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও দিনকদিনে কমি আহিব লাগিছে। তাতে ভূতৰ ওপৰত দানহ পৰাৰ দৰে বৰ্তমানৰ শিক্ষামন্ত্ৰীয়ে অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ কিছুসংখ্যক চি বি এছ ইৰ অধীনলৈ পঠিয়াবলৈ যো-জা চলাইছে। আনহাতে, কিছু অৱস্থাপন্ন অভিভাৱকেও সন্তানক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ুৱাবলৈ আগবাঢ়িছে। সেইসকল অভিভাৱকে ‘মোৰ সন্তানে অসমীয়া নাজানে’ বুলি কৈ গৌৰৱবোধ কৰা আমি প্ৰায়েই প্রত্যক্ষ কৰিছোঁ। কিন্তু কিয়? কিহৰ বাবে আমি আমাৰ মাতৃভাষাটোক অৱহেলা কৰোঁ? হয়তো তাৰ সঠিক উত্তৰ কোনেও দিব নোৱাৰিব। তাৰ মাজতে বহুতে ক’ব বিচাৰিব বৰ্তমান আমাৰ মাজতো বিশ্বায়নৰ প্ৰভাৱ পৰিছে।

ইংৰাজী গোটেই পৃথিৱীৰে সংযোগী ভাষা। গতিকে, সেই ভাষাক গুৰুত্ব দিয়াটো দোষ নেকি? সেইটো ঠিকেই যুক্তি। কিন্তু নিজৰ অস্তিত্বক নজনাকৈ জানো আনক জানিব পাৰি। বৰ্তমান এনে এক পর্যায় পাইছেগৈ যে অসমীয়া ভাষাটো কার্যালয়, অনুষ্ঠান-প্রতিষ্ঠান, দোকান-পোহাৰৰ হ’র্ডিং আদিত ব্যৱহাৰ কৰিবলৈ দাবী জনাবলগীয়া হৈছে। আমি অসমীয়া হৈও যদি সচেতন নহওঁ, তেনেহ’লে কোনো দাবী, আদেশ-নিৰ্দেশ আদিৰ কিবা অর্থ আছে? সম্প্রতি অসমৰ ভূমিপুত্ৰসকলে নিজকে অসমীয়া জাতি বুলি চিনাকি দিব নিবিচৰা হৈছে। ‘মই ৰাভা, মই বড়ো, মই আহোম, মই কার্বি, মই দেউৰী, মই ৰাজবংশী, মই কোচ, মই মিচিং’ আদি বুলিহে চিনাকি দি ভাল পোৱা হৈছে। ভাষাৰ নামত, সম্প্ৰদায়ৰ নামত আমি অসমখন ভাগ কৰিব বিচাৰিছোঁ। ‘ডিভাইড আছাম ফিফ্টী ফিফ্টী’ বুলি কৈ বড়োসকলে বড়োলেও বিচাৰিছে। কোচ ৰাজবংশীসকলে অন্য এখন বিচাৰিছে। তাৰ কাৰণে ‘বন্ধ’, অর্থনৈতিক অৱৰোধ আদিৰ দৰে কাৰ্যসূচীও গ্রহণ কৰিছে। কিন্তু তেনে কাৰ্যসূচীৰ নেতৃত্ব দিয়াসকলে অনুমানেই নকৰে যে ক্ষুদ্র ক্ষুদ্র ‘লেও’ স্থাপন কৰিলেই সেই সম্প্রদায়টোৰ কিবা উন্নতি হ’বনে? তেনেকুৱা কার্যসূচীবিলাকত কিন্তু নেতাসকলৰহে উন্নতি হ’ব, বাকী সাধাৰণ ৰাইজৰ অৱস্থা একেই থাকিব। ইতিহাসেই তেনে আন্দোলনবিলাকৰ সাক্ষী। কাৰণ, অতীতত উত্তৰ-পূৰ্বাঞ্চল লগ হৈ ‘বৰঅসম’ হৈ আছিল। কালক্রমত বিভিন্ন কাৰণবশতঃ মূল শিপাৰপৰা আঁতৰি গৈ পৃথক পৃথক ৰাজ্য হ’ল। কিন্তু আজিও ইখনে সিখন ৰাজ্যৰ সীমা ঠেলা, সীমাত ইখন ৰাজ্যৰ বাসিন্দাই সিখন ৰাজ্যৰ বাসিন্দাৰ ওপৰত আক্ৰমণ কৰা, জীৱিকাৰ সন্ধানত ইখনৰপৰা সিখনলৈ যাবলগীয়া হোৱা ঘটনাবিলাকে কিহৰ প্ৰমাণ দিয়ে?

আজি কেইবছৰমানৰ আগলৈকে অসমীয়া মাধ্যমৰ পাঠ্যপুথিবিলাক মধুৰ, শুৱলাকৈ সজোৱা হৈছিল। একোটা পদ্যৰ ৰৈখিক চিত্রই এখন গাঁৱৰ, এখন সমাজৰ ছবি সুন্দৰকৈ অংকন কৰিছিল। একোটা পাঠত আচাৰ-ব্যৱহাৰ, নম্রতা, ভদ্রতা, সততা, ন্যায়, সাধুতা, মিতব্যয়িতাকে আদি কৰি মানৱীয় গুণবিলাক অন্তর্ভুক্ত হৈছিল যিবিলাক অধ্যয়নৰ ফলত এটি শিশু ভৱিষ্যতৰ সুনাগৰিক হৈ গঢ়ি উঠিব পৰিছিল। পাঠ্যপুথিত অন্তর্ভুক্ত একো একোটা পদ্যই মন-মগজুক চুই গৈছিল। কিন্তু আজি অসমীয়া ভাষাৰ পাঠ্যপুথিবোৰত অতি টান টান কিছুমান শব্দ প্রয়োগ কৰাৰ ফলত কোমল মনৰ শিশুহঁতৰ বুজাত কঠিন হৈ পৰিছে। সেয়েহে কণ কণ শিশুহঁতে অসমীয়া ভাষাক ‘ব’ৰিং’ ভাষা বুলি ক’বলৈ বাধ্য হৈছে। গতিকে, পাঠ্যপুথি প্রণেতা, অভিভাৱক আদি সকলোৱে সচেতন হৈ শিশু সন্তানক অসমীয়া ভাষাটোৰ কোমল ৰূপটো দেখুৱাবলৈ যত্নপৰ হ’ব লাগিব।

আমি যদি লক্ষ্য কৰোঁ পৃথিৱীৰ বিভিন্ন দেশত বাস কৰা অসমীয়া লোকসকললৈ দেখিম যে সেইসকলে তাতে একোখন অসমীয়া সমাজ গঢ়ি তুলি অসমীয়া ভাষা-সংস্কৃতি আদিৰ চৰ্চা কৰিছে। বিদেশতে জন্মা, বিদেশী আদব-কায়দা শিকা কণ কণ শিশুহঁতকো অসমীয়া শিকাইছে। অসমীয়া কলা-সংস্কৃতিৰ বিষয়ে জ্ঞান দিছে। বিদেশত ডাঙৰ-দীঘল হৈও সেই শিশুহঁতে অসমীয়াত্ব জীয়াই ৰাখিবলৈ বিচাৰিছে। নিজৰ ঘাই শিপাডালত খামুচি থাকিবলৈ যত্নপৰ হৈছে। কিন্তু, আমি যিসকলে অসমৰ মাটি-বায়ু-পানীৰ স’তে একাত্ম হৈও, অন্ন-জল গ্ৰহণ কৰিও অসমীয়া হৈ থাকিব পৰা নাই।

ভাষাৰ উপৰি ৰীতি-নীতি, উৎসৱ-পাৰ্বণ, আচাৰ-ব্যৱহাৰ, সাজপাৰেও বৰ্তমান নিজস্বতা হেৰুৱাইছে। আমি নিজস্ব ৰীতি-নীতি, উৎসৱ-পাৰ্বণবিলাক বেয়া বুলি দলিয়াই দিছোঁ। আনৰ ভাল-বেয়া আদি সকলোখিনিকে সামৰি গ্ৰহণ কৰিছোঁ। সেয়েহে আমি বাৰ মাহত তেৰটা উৎসৱ পালোঁ। অসমীয়াৰ জাতীয় উৎসৱ বিহুক তিনি মাহ পর্যন্ত পালন কৰোঁ। বৃদ্ধ পিতৃ-মাতৃক আৱৰ্জনা বুলি ৰাস্তাত দলিয়াই দিব পাৰোঁ। জ্যেষ্ঠজনক, মহিলাক আমি সন্মান কৰিব নজনা হ’লোঁ। অসমীয়া সমাজত কোনোদিনেই যৌতুকৰ কাৰণে বোৱাৰী হত্যা হোৱা নাছিল। কিন্তু আজি তাৰ কৰাল গ্ৰাসত অসমীয়া সমাজ। ধৰ্ষণ, বলাৎকাৰৰ দৰে জঘন্য ঘটনাই সমাজখনক ছানি ধৰিছে। পাশ্চাত্যৰ অন্ধ অনুকৰণত আমি দিক্‌বিদিক হেৰুৱাইছোঁ।

গতিকে আজি আমি দকৈ চিন্তা-চৰ্চা কৰাৰ সময় আহি পৰিছে। মূল শিপাডাল চিনি পালেহে আৰু নিজস্ব কলা-কৃষ্টি-সংস্কৃতি, উৎসৱ-পার্বণ, সাজপাৰ আদি সঠিক ৰূপত তুলি ধৰিব পাৰিলেহে অসমীয়াৰ অস্তিত্ব জীয়াই থাকিব। পৃথিৱীৰ বুৰঞ্জী অধ্যয়ন কৰিলে আমি দেখা পাওঁ যে যিবিলাক জাতি মূল শিপাডালৰ পৰা বিচিছন্ন হৈছে, নিজৰ সকলোখিনি বেয়া বুলি দলিয়াই দিছে সেই জাতি অতি সোনকালে মৃত্যুমুখতো পৰিছে। সেয়েহে অসমীয়াৰ মূল শিপাডালতে থাকি প্রতিটো গোষ্ঠী-সম্প্রদায়ে নিজৰ নিজৰ অস্তিত্ব অটুট ৰাখিব পাৰিলে অসমীয়া জাতি বহু হাজাৰ বছৰলৈকে জীয়াই থাকিব।

Leave a comment

Your email address will not be published. Required fields are marked *