আন্তৰ্জাতিক নাৰী দিৱস কিয় পালন কৰা হয়?

নাৰী শক্তি
নাৰী সাহস
নাৰী যেন এখন প্ৰৱাহমান নৈ

আজি আন্তৰ্জাতিক নাৰী দিৱস। প্ৰতি বছৰে ৮ মাৰ্চত সমগ্ৰ বিশ্বজুৰি আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। বিশ্বৰ বেলেগ বেলেগ প্ৰান্তত নাৰী দিৱস উদযাপনৰ প্ৰধান লক্ষ্য বেলেগ বেলেগ যদিও মূলতঃ মহিলাৰ সমান অধিকাৰ, মহিলাৰ বিৰুদ্ধে হিংসা আৰু উৎপীড়ন ৰোধ তথা নাৰীৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা জনোৱাই হৈছে এই দিৱস উদ্‌যাপনৰ মুখ্য বিষয়।

নাৰী দিৱসৰ ইতিহাস

১৯০৮ চনত নিউয়ৰ্কত প্ৰথমবাৰৰ বাবে পালন হৈছিল আন্তৰ্জাতিক নাৰী দিৱস। নাৰীৰ স্বাধীনতা, নাৰীৰ সুৰক্ষা, নাৰীৰ প্ৰাপ্য অধিকাৰক লৈ এই দিৱস পালন কৰা হয়। নাৰী দিৱসৰ মূল লক্ষ্য হৈছে লিংগ বৈষম্য দূৰ কৰি সম অধিকাৰ প্ৰদান কৰা, নাৰীক শোষণ, বঞ্চনাৰ পৰা মুক্ত কৰা।

বিশ্বৰ বেলেগ বেলেগ প্ৰান্তত নাৰী দিৱস উদযাপনৰ প্ৰধান লক্ষ্য বেলেগ বেলেগ যদিও মহিলাৰ সমান অধিকাৰ, মহিলাৰ বিৰুদ্ধে হিংসা আৰু উৎপীড়ন ৰোধ তথা নাৰীৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা জনোৱাই হৈছে এই দিৱস উদযাপনৰ মুখ্য বিষয়। এই দিৱস উদযাপনৰ লগত নাৰী শ্ৰমিকৰ অধিকাৰ আদায়ৰ সংগ্ৰামৰ ইতিহাস জড়িত হৈ আছে।

Leave a comment

Your email address will not be published. Required fields are marked *