অসমৰ এক চহকী কুটীৰ শিল্প, ক্ৰমাৎ বিলুপ্তিৰ দিশে জাপি শিল্প
অসমীয়া লোক সংস্কৃতিত জাপিৰ এক সুকীয়া পৰিচয় আছে। গামোচাৰ লগতে জাপিও অসমীয়াৰ বাবে আৱেগ আৰু জাপিৰ লগত আছে এক এৰাব নোৱাৰা সম্পর্ক। অসমীয়া কৃষিজীৱী লোকৰ এক সম্পদ হ’ল জাপি, যিয়ে খেতিপথাৰত ৰ’দ-বৰষুণৰ পৰা কৃষকক ৰক্ষা কৰি আহিছে।
আধুনিকতাৰ পৰশ নোপোৱাৰে পৰা অসমৰ খেতিপথাৰৰ লগতে বিহু, বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, আৰু ঘৰৱা সাজ-সজ্জাত জাপিৰ ব্যৱহাৰ হৈ আহিছে। উল্লেখযোগ্য যে ইতিমধ্যে জাপিয়ে GI tag লাভ কৰিছে। এই জাপি শিল্প এবিধ কুটিৰ শিল্প হিচাপে গ্রহণ কৰি আহিছে শিৱসাগৰ জিলাৰ বকতা নাথ গাঁও, খঙীয়া গাঁও আৰু চুলাধৰা গাঁৱৰলোকসকলে।
আহোম যুগৰে পৰা পুৰুষানুক্রমে জাপি শিল্পৰে অর্থনৈতিকভাৱে স্বাৱলম্বী হৈ গাঁওখনৰ পৰিচয় দাঙি ধৰিছে এইসকল লোকে। বাঁহ, বেত আৰু টকৌ পাতেৰে জাপি সাজি স্থানীয় বিভিন্ন বজাৰত বিক্রী কৰে এই গাঁওসমূহৰ লোকসকলে। জাপি সাজিবৰ বাবে ব্যৱহাৰ কৰা টকৌপাত পূর্বে গ্রামাঞ্চলত উভৈনদী আছিল যদিও বর্তমান সময়ত টকৌগছ কমি আহিবলৈ ধৰিছে। বকতা নাথ গাঁও, খঙীয়া গাঁও আৰু চুলাধৰা গাঁৱতো টকৌগছ উভৈনদী আছিল কিন্তু অনীহা আৰু গুৰুত্বহীনতাৰ বাবে টকৌগছৰ সংখ্যা বৰ্তমান হ্রাস পাইছে।
তৎসত্বেও অঞ্চলবাসীয়ে অসমৰ পৰম্পৰাগত শিল্পবিধ ধৰি ৰাখিবলৈ যত্ন কৰি আহিছে। জাপি অসমীয়া বিভিন্ন অনুষ্ঠানত শোভা বর্ধন কৰাৰ উপৰিও গণ্য-মান্য ব্যক্তিক সম্ভাষণ জনোৱা আদিত বিশেষভাৱে ব্যৱহাৰ হয় যদিও চৰকাৰৰ অনীহা, গুৰুত্বহীনতা, উপযুক্ত বজাৰৰ অভাৱৰ লগতে নির্ধাৰিত মূল্য নথকা বাবে এই শিল্পবিধ ক্ৰমাৎ বিলুপ্তিৰ দিশে গতি কৰিছে। উল্লেখ্য যে, জাপি অতীতৰে পৰা ব্যৱহাৰ কৰি অহা এক শিল্প। আহোম ৰাজত্বকালত জাপি উপহাৰ হিচাপে ব্যৱহাৰ কৰিছিল।
আহোম ৰজাৰ দিনত জাপি সাজিবলৈ জাপিসজীয়া বুলি খেল সৃষ্টি কৰিছিল। বুঢ়াগোহাঁই, বৰগোহাঁইৰ, বৰপাত্ৰগোহাঁই পদবীৰ বিষয়া সকলে সোণৰ চুলাৰে নিৰ্মিত পানী-জাপি আৰু টুপী-জাপি ব্যৱহাৰ কৰিছিল। আনহাতে বৰফুকন পদবীৰ বিষয়াসকলে ৰূপৰ চুলাৰ জাপি, উকা বৰজাপি ব্যৱহাৰ কৰিছিল। অতীতৰে পৰা চলি অহা জাপিৰ ব্যৱহাৰ যাতে ভবিষ্যতলৈও হৈ থাকে তাৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্রহণ কৰিব লাগে।
জাপি শিল্পত জড়িত হৈ থকা গাঁও আৰু পৰিয়ালসমূহ চিনাক্ত কৰি তেওঁলোকৰ বাবে নিৰ্ধাৰিত আৰু উচিত মূল্যৰ এখন উপযুক্ত বজাৰ সৃষ্টি কৰি আৰ্থিকভাৱে সহায় কৰাৰ লগতে টকৌ গছৰ ৰোপন তথা খেতিৰ ব্যৱস্থা কৰাত গুৰুত্ব দিব লাগে।