অসমীয়াই নিজক চিনাৰ সময় সমাগত


ৰেখা বৰগোহাঁই

তাহানিতে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই কৈ গৈছে ” আমি অসমীয়া নহওঁক দুখীয়া, কিহৰ দুখীয়া হম, সকলো আছিল সকলো আছে,নুবুজো নলওঁ গম।” সৌ সিদিনা সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাও গীতৰ জৰিয়তে সকিয়াই গৈছে -” আমি অসমীয়া নহও দুখীয়া বুলি সান্ত্বনা লভিলে নহ’ব , আজি অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব।” সচাঁকৈয়ে আজি অসমীয়াই এনে কথাবোৰ কিমান গুৰুত্ব দিছে বা বুজি পাইছে। অসমীয়াই আজি নিজক ভালকৈ চিনিছে নে?
অসম এনে এখন ৰাজ্য যিখন ৰাজ্যত নজনা অতীতৰে পৰা বিভিন্ন জাতি -ধৰ্ম-বৰ্ণ-নিবিৰ্শেষে ভেদাভেদ নোহোৱাকৈ সমিলমিলেৰে বাস কৰি আহিছে। কেতিয়াও কোনোদিনেই ভাষাৰ নামতে হওঁক বা ধৰ্ম নামতে হওঁক সংঘাত হোৱা নাছিল। যদিও অসমত বিভিন্ন জাতি জনগোষ্ঠীয়ে বসবাস কৰে আৰু প্ৰত্যেকৰে নিজস্ব ভাষা -দোৱান আছে তথাপিও সকলোকে বান্ধি ৰখা ভাষাটোৱে হৈছে অসমীয়া ভাষা। পঞ্চম শতিকাৰ মানতেই উদ্ভৱ হোৱা অসমীয়া ভাষাই তেতিয়াৰে পৰাই জাতি- ধৰ্ম – বৰ্ণ- নিৰ্বিশেষকে একতা ডোলেৰে বান্ধি আহিছে। যদিও অসমীয়া ভাষালৈ বহুবাৰ সংকট আহিছে, তথাপিও অসমীয়াই মাৰ বান্ধি সেই সংকট দূৰ কৰিছে। কিন্তু লাহে লাহে অসমীয়াৰ মাজৰ একতা শিথিল হৈ আহিবলৈ ধৰিছে কাৰণ অসমত বসবাস কৰা প্ৰতিটো জাতি- জনগোষ্ঠীয়ে নিজৰ নিজৰ ভাষা- দোৱানক বেছি গুৰুত্ব দিবলৈ লৈছে। ফলত অসমীয়া ভাষীৰ সংখ্যা দিনে দিনে হ্ৰাস পাই আহিছে।২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত অসমীয়া ভাষীৰ সংখ্যা হ’ল ১ কোটি ৫৩ লাখ অৰ্থাৎ মুঠ জনসংখ্যাৰ ৪৯ শতাংশ লোকে অসমীয়া ভাষা কয়। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ তথ্যৰ মতে সমগ্ৰ দেশৰে ১.২৬ শতাংশ লোকে অসমীয়া ভাষাত কথোপকথন কৰে।এই তথ্যৰ পৰাই প্ৰমাণ হয় যে অসমত অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা ক্ৰমান্বয়ে কমি আহিছে। তাৰে সুযোগ গ্ৰহণ কৰিছে একাংশ সংখ্যালঘূ নেতা আৰু সংগঠনে।সেই সকলে অসমীয়া ভাষা আৰু জাতিক শেষ কৰি দিম বুলি কবলৈও কুণ্ঠাবোধ নকৰে। অলপতে উচ্ছেদৰ বিৰুদ্ধে পতা এখন প্ৰতিবাদী সভাত এজন সংখ্যালঘু ছাত্ৰ নেতাই অসমীয়া ভাষীক আগন্তুক লোকপিয়লত সংখ্যালঘূ কৰিম বুলি দম্ভালি মাৰিছে। আচলতে কিয় এনেদৰে কবলৈ সাহস পাইছে অসমীয়াই এবাৰ গমিপিতি পাইছে নে??
‌দৰাচলতে একাংশই এনেদৰে কবলৈ সাহস কৰাৰ মূলতে বহুবোৰ কাৰণ আছে । তাৰে প্ৰধান কাৰণটোয়ে হৈছে অসমীয়াই আজি নিজক পাহৰি গৈছে ।এটোপাল এটোপালকৈ পানী লগলাগি যিদৰে এখন সাগৰ সৃষ্টি হয় ঠিক তেনেদৰেই বিভিন্ন জাতি জনগোষ্ঠী লগ লাগিহে অসমীয়া জাতি গঢ় লৈ উঠিছে আৰু সকলোৰে মাজত ভাৱৰ আদান- প্ৰদানৰ সমূহীয়া ভাষা হিচাপে ব্যৱহাৰ কৰা অসমীয়া ভাষাটোও সকলো জনগোষ্ঠীৰ সংমিশ্ৰণতহে সৃষ্টি হৈছে। অতীতৰে পৰা অসমীয়া ভাষাৰ জৰিয়তে বৰ অসমত বসবাস কৰা লোকসকল একতা ডোলেৰে বান্ধ খাই আহিছে। কিন্তু সময়ৰ লগে লগে অসমীয়াৰ সেই একতা ভাঙি চিঙি যাবলৈ ধৰিছে। বৰ্তমান প্ৰতিটো জনগোষ্ঠীয়ে নিজক লৈহে ব্যস্ত হ’বলৈ লৈছে। প্ৰতিটো জনগোষ্ঠীয়ে নিজৰ জাতিৰ পৰিচয়ে চিনাকি দিবলৈ ভালপোৱা হৈছে। মই আহোম, মই কছাৰী, মই চুতীয়া, মই কোচ , মই মিচিং, মই দেউৰী আদি পৰিচয়। সেইকাৰণেই আজি বৰ অসমৰ ভেটি আৰু অসমীয়া ভাষাৰ শিকলি থৰকবৰক।লোকপিয়লৰ সময়তো প্ৰতিটো জনগোষ্ঠীয়ে মাতৃভাষা হিচাবে নিজৰ জনগোষ্ঠীৰ ভাষা লিপিবদ্ধ কৰাত লাহে লাহে অসমীয়া ভাষীৰ সংখ্যা কমি আহিবলৈ ধৰিছে। আনহাতে আধুনিক সৰহ সংখ্যক অসমীয়াই নিজৰ সন্তানক আধুনিক কৰি তুলিবলৈ যাওঁতে মাতৃভাষাটো চৰ্চা কৰাৰ পৰা বিৰত ৰাখিছে। অসমীয়া ভাষাৰ পৰিবৰ্তে আজি একাংশ অসমীয়াই নিজৰ সন্তানক ইংৰাজী ভাষা শিকোৱাটোহে বেছি প্ৰাধান্য দিছে। ফলত অসমীয়া ভাষা দিনে দিনে এলাগী হ’বলৈ লৈছে।পৰিণতিত অসম আৰু অসমীয়া বিৰুদ্ধী একাংশই মাজে-সময়ে বিভিন্ন হুঁমকি দিবলৈ ধৰিছে।
উল্লেখযোগ্য যে অসমীয়া ভাষা এটা অতি চহকী আৰু শুৱলা ভাষা।এই ভাষাটো পঞ্চম শতিকাৰ মানতেই উদ্ভৱ হৈ দশম শতিকাৰ মানত সম্পূৰ্ণ হৈ উঠিছিল। তেতিয়াৰে পৰা অসমীয়া ভাষাই সকলোকে সামৰি আগুৱাই আহিছে। সেয়েহে দুহেজাৰ বছৰ পুৰণি ভাষা হিচাপে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্য্যদা লাভ কৰিছে।যদি অসমীয়াই সেই মৰ্য্যদা নুবুজে , তেনেহ’লে আনে হেঁচা মাৰি ধৰিবলৈ সুবিধা পাবই। গতিকে অসমীয়াই ইমানোতো সচেতন নহয় অনাগত দিনত নিজৰ হাতৰ কুঠাৰ ভৰিত মৰাৰ দৰে হ’ব। সেয়েহে সজাগ হওক অসমীয়া,নিজক চিনি পাবলৈ শিকক।

Leave a comment

Your email address will not be published. Required fields are marked *