অসংপৃক্ত সংস্কৃতিক বৰঘৰত পীৰা.. অসমীয়া বিবাহ পদ্ধতিত আমদানিকৃত সংস্কৃতিৰ প্রভাৱ… এদিন আমাৰ বুলি ক’বলৈ একোৱে নাথাকিব
বিবাহ মানে দুই উপযুক্ত ডেকা-গাভৰুৱে যুৰীয়া জীৱন-যাপন কৰাৰ উদ্দেশ্যই পালন কৰা এক সামাজিক প্রথা। এই প্রথাৰ জৰিয়তে ডেকা-গাভৰুৱে ব্যক্তিৰ স্তৰৰ পৰা সামাজিক স্তৰলৈ উত্তৰণ ঘটে। পৰিণতিত ব্যক্তি আৰু সমাজৰ মাজত এক সুসম্পর্ক গঢ়ি উঠে আৰু বংশ বিস্তৃতিকো অৰিহনা যোগায়।
অসম এনে এখন ৰাজ্য য’ত বিভিন্ন জাতি-জনগোষ্ঠীয়ে বাস কৰে। যিদৰে পৃথিৱীৰ বিভিন্ন জনগোষ্ঠীসমূহৰ নিজস্ব বিবাহ পদ্ধতি বা পৰম্পৰা আছে ঠিক সেইদৰে অসমত বসবাস কৰা জনগোষ্ঠীবিলাকৰো নিজস্ব বিবাহ পদ্ধতি আছে আৰু সেইবিলাক অতি চহকী পৰম্পৰাৰে সমৃদ্ধ। অথচ বিবাহৰ প্রায়বিলাক নীতি-নিয়মেই জনগোষ্ঠীসমূহৰ মাজত মিল আছে। ডেকা-গাভৰুৰ বিয়া পাতি দিয়াতো প্রতিখন সমাজৰে চিৰন্তন নীতি।
সেই নীতিক সাৰোগত কৰি প্রতিখন সমাজতে প্রথমটো নীতি হিচাপে ছোৱালী চোৱাৰ পর্ব আৰম্ভ কৰে। তাৰ বাবে প্রথমে দৰাঘৰীয়াই ছোবালীৰ ঘৰলৈ গৈ ছোৱালী খোজা-বঢ়া কৰে বা প্রস্তাৱ আগবঢ়ায়। ছোৱালীঘৰীয়াই সেই প্রস্তাৱ মানি ল’লে ৰাশি-জোৰা চোৱা হয় আৰু সকলো ঠিকেই থাকিলে দৰা আৰু ছোৱালী ঘৰৰ বয়োজ্যেষ্ঠসকলে দিন-বাৰ ঠিক কৰে। তাৰপিছত পৰ্যায়ক্ৰমে বহুকেইটা নিয়ম পালন কৰা হয়। যেনে-জোৰোন দিয়া, পানীতোলা ,মাহ-হালধিৰে গা ধোৱা,ন-পুৰুষৰ শ্ৰাদ্ধ,জ্ঞাতি ভোজ,গাঁঠিয়ন খুন্দা,দৈয়ন দিয়া, সুৰাগুৰি তোলা আদি নিয়মবোৰ অসমত বসবাস কৰা প্ৰায়বোৰ জনগোষ্ঠীৰ ক্ষেত্ৰত খাটে। আনহাতে পানী তুলিবলৈ যাওঁতে বা বিয়াৰ দিনা জাত জাত বিয়ানামবোৰে বিবাহ এখনক অন্য এক মাত্রা প্রধান কৰে। বিয়ানামবোৰে বৈবাহিক জীৱনটো কিদৰে পৰিচালিত কৰিব পাৰি সেই বিষয়ে নীতি শিক্ষা দিয়ে, লগতে জোৰা নামবিলাকে ধেমেলীয়া পৰিবেশ এটাৰ সৃষ্টি কৰে।
বিবাহৰ আগদিনা দৰা বা ছোৱালীৰ ঘৰত মূৰত তেল দিয়া অনুষ্ঠান এটা অনুষ্ঠিত হয়। যিটো অনুষ্ঠানত গাঁৱৰ গাভৰু-বোৱাৰী গোটেই ৰাতিটো বিয়া ঘৰতে থাকি নীতি শিক্ষা মূলক বিয়া নামৰ লগতে দৰা-কইনাৰ মিতিৰ কুটুম সকলোকে জোৰা নাম গাই গাই পাৰ কৰি দিছিল। অসমীয়া বিবাহৰ এটা ডাঙৰ বৈশিষ্ট্য হৈছে কইনাই বগা পাটৰ মেখেলা-ছাদৰ পিন্ধে আৰু দৰাই বগা পাঞ্জাৱী চোলা আৰু চুৰিয়া পিন্ধে, যিটো পৃথিবীৰ কোনো জাতিৰ বিবাহতে দেখা পোৱা নাযায়। এতিয়া সেই পৰিবেশ লাহে লাহে সলনি হ’ব ধৰিছে। আমাৰ চহকী পৰম্পৰাবিলাক একাষৰীয়া কৰি পেলাইছোঁ।
হয়তো আমি নিজৰখিনি বেয়া বুলি হীনমন্যতাত ভূগিছো, সেয়েহে আমি আজিকালি আমদানিকৃত সংস্কৃতি তথা পৰম্পৰাক বেছিকে মানিবলৈ লৈছোঁ। টিভিৰ চিৰিয়েল অর্থাৎ হিন্দী ছিনিয়েলবিলাক চাই চাই আজি আমি আমাৰ বিবাহ অনুষ্ঠানবিলাকত বহিৰাগত সংস্কৃতি তথা পৰম্পৰাক ধুমধামেৰে মানিবলৈ লৈছোঁ। আজিকালি নগৰীয়া প্ৰায়বোৰ বিবাহতে (অসমীয়া মানুহৰ) মেহেন্দী, হালধি, সংগীত অনুষ্ঠানসমূহ খুউব আনন্দ- স্ফুর্তিৰে পালন কৰা দেখা গৈছে। যেন সেই পৰস্পৰাবোৰ অসমীয়া সমাজত অতীতৰ পৰা প্রচলিত পৰম্পৰাহে।
আধুনিকতাৰ প্রভাৱত তথা টি.ভিৰ হিন্দী চিৰিয়েলৰ প্রভাৱত আমাৰ সাতামপুৰুষীয়া পৰম্পৰাসমূহ যেনে গাঁঠিয়ন খুন্দা, দৈয়ন দিয়া, সুৰাগুৰি তোলা, মূৰত তেল দিয়া, খোবা-খুবনি আদিবিলাক পাহৰি পেলাইছো। বুঢ়া ভকতৰ আশীর্বাদো এতিয়া এচাম অসমীয়া লোকৰ বাবে আউটডেটেড হৈ পৰিছে। বৰ বিয়াৰ আৰু এটা ধেমেলীয়া পৰম্পৰা আছিল, সেইটো হৈছে দৰঘৰীয়াক কইনাৰ গাঁৱৰ ডেকাসকলে বাটত আগুছি ধৰা।
সেই মুহূর্ততো কিমান যে নির্দোষ ধেমালীয়ে ভৰি আছিল, সেয়া নেদেখাজনে বুজি নাপাব। তাৰোপৰি বিয়া বুলি ক’লে দৰা বা কইনাৰ ঘৰত এমাহ মানৰ আগৰে পৰা উদুলি-মুদুলিৰ পৰিৱেশ এটা সৃষ্টি হয়। ভাগে ভাগে সকলোৱে আহি কামসমূহ চমজি লৈ পূর্ণোদ্যমে কৰে।
‘আকৌ অসমীয়া বিয়া এখনত খাদ্যসম্ভাৰ আছিল স্বাস্থ্যকৰ তথা লোভৰ পানী ওলোৱা বিধৰ। অর্থাৎ দৈ-চিৰা-গুৰ, কোমল চাউল-দৈ-গুৰ, চেৱা দিয়া ভাত-হাঁহৰ মাংস, লুচি-ভাজি নতুবা ঘৰৰ চাউলৰ ভাত, মাছ-মাংস, বাৰীৰ শাক-পাচলি আদি। যিবিলাক খালে স্বাস্থ্যৰ কোনো হানি-বিঘিনি নঘটে। কিন্তু বর্তমান নগৰীয়া বিয়াৰ কথা বাদেই গাঁৱলীয়া বিয়াতো বাহিৰা খাদ্য-সম্ভাৰে আপ্যায়ণ কৰা দেখা গৈছে। ম’ম, চাওমিন, পকৰা, ডোচা, ৰোল আদিয়ে বিবাহ থলীত ভৰি থাকে। তাৰোপৰি মুখ্য খাদ্য তালিকাখনতো বিভিন্ন খাদ্যৰ সমাহাৰ ঘটে। সেইবিলাক মুখৰ জুতিৰ কাৰণে ঠিকেই, কিন্তু পেট, লিভাৰ বা গেছ আদিৰ বাবে যমদূত সদৃশ হৈ পৰে।
আনহাতে, অসমীয়া বিয়াত আৰু এটা পৰম্পৰালৈ পৰিবৰ্তন আহিবলৈ লৈছে। কইনা আৰু দৰাই পিন্ধা সাজজোৰ যুগে যুগে বগা ৰঙৰ আছিল। কিন্তু বর্তমান আমি দেখিবলৈ পাইছোঁ যে দৰা-কইনাই ৰঙীন সাজ পিন্ধিবলৈ লৈছে, লগতে কোনে কোনোৱে চিৰন্তন অসমীয়া সাজ মেখেলা-চাদৰ আৰু চুৰীয়া-চোলাৰ ঠাইত লেহেঙ্গা চলি, চেৰৱানী আদি পৰিধান কৰিবলৈ লৈছে। কেৱল অসমীয়া সমাজৰ বৰ বিয়ালৈকে বর্তমান পৰিবৰ্তন অহা নাই, তোলনি বিয়ালৈও পৰিবর্তন অহা দেখা গৈছে।
সাধাৰণতে তোলনি বিয়া বুলি ক’লে চাৰিদিনত চাৰিদিনীয়া গা ধুওৱা হয় আৰু সাধ্য থকা ঘৰে সাতদিন, ন দিনৰ দিনা বিয়াখন তুলি জ্ঞাতি-কুটুম, গঞা ৰাইজ একত্রিত হৈ ছোৱালীজনীক অনাগত দিনৰ বাবে আর্শীবাদ তথা নীতি শিক্ষা দিয়ে আৰু গৃহস্থ ঘৰে আয়োজন কৰা খাদ্য সম্ভাৰ খাই ৰং-আনন্দ কৰে। যি ঘৰৰ সাধ্য নাথাকে সেইঘৰে চাৰিদিনীয়া গা-ধুৱাইয়ে সামান্য কিবা যোগাৰ কৰি বিয়াখন তুলি থয়।
কিন্তু বর্তমান চহৰীয়া তোলনি বিয়ালৈ ব্যাপক পৰিবৰ্তন আহিছে। চাৰিদিন, সাত বা ন দিনত অভিভাৱকে বিয়াখন তুলি থৈ পুনৰ লাখ লাখ টকা খৰছ কৰি ৱবৰ বিয়াৰ দৰে ধুমধামেৰে কোনো বিবাহ বাহৰত জ্ঞাতি-কুটুম, বংশ পৰিয়াল বা অন্যান্য ক্ষেত্রত লগ পোৱাসকলক নিমন্ত্রণ দি বিয়াখন পাতে। এনে পৰিবর্তনে আচলতে কি সূচাইছে।
আমি জানো যে সংস্কৃতি বোৱতি নদীৰ দৰে প্রৱাহমান। ই অবিৰামভাৱে বৈ থাকে। সেয়েহে সংস্কৃতিলৈ পৰিবৰ্তন আহিবই। আনহাতে বর্তমান সময়ত দেশৰ বিভিন্ন ৰাজ্যৰ ল’ৰা-ছোৱালীৰ সতে অসমীয়া ল’ৰা-ছোৱালীৰ বিবাহ সম্পন্ন হৈছে। ফলত বিবাহৰ পৰম্পৰা, ৰীতি-নীতিও আদান-প্রদান হৈছে। কিন্তু সেইবুলিয়ে আমি নিজৰখিনি পৰিহাৰ কৰি আনৰখিনি গ্ৰহণ কৰি ৰং-আনন্দৰে পালন কৰিম নে? আমি সাতামপুৰুষীয়া সংস্কৃতিক পাহৰি যামনে?
যিবিলাক সংস্কৃতি, পৰম্পৰা আমাৰ বায়ু-মাটি-পানীৰ লগত সংপৃক্ত নহয় তেনে সংস্কৃতিক আমি বৰঘৰত পীৰা পাৰি বহুৱামনে? যদি আমি সদায়ে সমন্বয়তাক দোহাৰি দি বা নিজৰখিনি বেয়া বুলি দলিয়াই দি বা লোকৰখিনিকে আদৰি থাকো তেনেহ’লে এদিন দেখোন আমাৰ বুলি কবলৈ একোৱে নাথাকিব। সেয়েহে সময় থাকোতে আধুনিকতাৰ পৰশত উটি-ভাঁহি নগৈ আমাৰ নিজৰখিনি ধৰি ৰাখিবলৈ যত্ন কৰাতো উচিত। কাৰণ সংস্কৃতি, পৰম্পৰা হেৰুৱালে অসমীয়া জাতিৰ পৰিচয়ো বহুলাংশে হেৰুৱাৰ দৰে হ’ব। গতিকে আমি সদায় মনত ৰখাতো উচিত যে নিজৰ চহকী সংস্কৃতিয়েহে অসমীয়াৰ পৰিচয় জীয়াই ৰাখিব।