বৰ্তমান অসমৰ সংবাদ মাধ্যম আৰু সাংবাদিকতা

ৰেখা বৰগোহাঁই 

মানুহৰ অনুসন্ধিৎসু মনে সদায় দেশ বিদেশৰ খবৰ-খ্যাতি, ঘটনা বা নতুন নতুন কথা জানিবলৈ আগ্রহ প্রকাশ কৰে। সেই আগ্রহৰ ফলতে হয়তো এদিন বাতৰি কাকতৰ জন্ম হৈছিল। অৱশ্যে বাতৰি কাকত নথকা সময়তো ইঠাইৰ বাতৰি সিঠাইলৈ কটকী বা দূতৰ জৰিয়তে যোগান ধৰা হৈছিল। ছপাশাল আৰু কাগজ আবিষ্কাৰ হোৱাৰ পাছৰেপৰা বাতৰি কাকত প্রচলনৰ বাট মুকলি হ’ল। প্রথমে চীনতে বাতৰি কাকতৰ জন্ম হোৱাৰ পাছত ইটালীৰ ভেনিচ নগৰত ১৫৩৬ চনত প্রথম গেজেট বা বাতৰি কাকত প্রকাশ পায়। ক্রমান্বয়ে সমগ্র ইউৰোপৰ কেইখনমান নগৰত গেজেটৰ দৰে কাকত প্রকাশ পাই । ১৭৪৪ চনত ভাৰতত ‘দি ইন্ডিয়া গেজেট’ নামৰ প্রথমখন বাতৰি কাকত প্রকাশ হয়। আমেৰিকান মিছনেৰীসকলে অসমত ধৰ্মপ্ৰচাৰ কৰিবলৈ আহি ১৮৪৬ চনত ‘অৰুণোদয়’ নামৰ সংবাদ পত্রখন প্রকাশ কৰি অসমৰ বাতৰি কাকতৰ ধাৰাটো শুভাৰম্ভকৰে। তাৰ পাছৰপৰাই অসমত বিভিন্ন সময়ত বিভিন্ন বাতৰি কাকতৰ জন্ম হয়।
বাতৰি কাকতৰ জন্মৰ হোৱাৰ মূল উদ্দেশ্য বা লক্ষ্যটোরে আছিল সত্যাসত্য বাতৰি এটা পাঠকৰ মাজলৈ লৈ যোৱা। যিহেতু নির্ভীক আৰু স্পষ্টবাদী বাতৰি এটাই এখন সমাজক এটা সঠিক বাট দেখুৱাই। ঠিক তেনেদৰে সত্যৰ ওপৰত প্রতিষ্ঠিত নোহোৱা বাতৰি এটাই এখন সমাজক বিপথে পৰিচালিত কৰিব পাৰে। একপ্ৰকাৰ ক’বলৈ গ’লে বাতৰি কাকত হ’ল এখন সমাজৰ দাপোণস্বৰূপ। কাৰণ সমাজত ঘটা একোটা ঘটনা স্পষ্ট আৰু সত্য ৰূপত বাতৰি। কাকত এখনে দাঙি ধৰে।

বৈদ্যুতিক মাধ্যমসমূহ আবিষ্কাৰ হোৱাৰ আগলৈকে বাতৰি কাকতসমূহেই আছিল বাতৰি যোগান ধৰা একমাত্র সম্বল। সত্যতা আগবঢ়াৰ লগে লগে বিভিন্ন বৈদ্যুতিন মাধ্যম আবিষ্কাৰ হ’ল আৰু সেইবিলাকতো অর্থাৎ ৰেডিঅ’, টেলিভিছন আদিবিলাকতো বাতৰি সম্প্ৰচাৰ হ’বলৈ লোৱাৰ পাছত আমি অতি কম সময়ৰ ভিতৰতে বাতৰিসমূহ শুনিবলৈ বা দেখিবলৈ পোৱা হ’লোঁ। ইমানদিনে আমি বাতৰি কাকত, টেলিভিছন
বা ৰেডিঅ’ৰ যোগেদি প্রচাৰিত বা প্রকাশিত বাতৰিকে পঢ়ি-শুনি সন্তুষ্ট হৈ আছিলোঁ বুলিয়ে ক’ব পাৰি। দুই-এটা উত্তেজিত বাতৰিৰ বাহিৰে যেন সেই মাধ্যমবিলাক বা সাংবাদিকসকলে কষ্ট আৰু অনুসন্ধান কৰি সত্যাসত্য বাতৰিকে জনসাধাৰণৰ মাজলৈ লৈ যাবলৈ যত্ন কৰিছিল। সেয়েহে সংবাদ মাধ্যমসমূহক লৈ জনসাধাৰণৰ বিশেষ আপত্তি কৰিবলগীয়া থলো নাছিল। কিন্তু দ্রুতগতিত ব্যক্তিগত টিভি চেনেলসমূহ জন্ম হ’বলৈ লোৱাত সংবাদ মাধ্যমসমূহৰ মাজত এক তীব্র প্রতিযোগিতাও আৰম্ভ হ’বলৈ ধৰিলে। সেয়েহে কোনে কিমান সোনকালে এটা বাতৰি জনসাধাৰণক দিব পাৰি তাক লৈ প্রতিযোগিতাত অবতীর্ণ হ’বলৈ লোৱাত দিনে দিনে যেন বাতৰিৰ মান তথা সত্যাসত্যও কমি আহিবলৈ ধৰিলে। এচাম সাংবাদিকে কোনো এটা বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে পুংখানুপুংখভারে বিচাৰ কৰিবলৈ যত্ন নকৰি সন্মুখত দেখাটোকে সজাই-পৰাই বাতৰি কৰি জনসাধাৰণৰ মাজলৈ উলিয়াই দিবলৈ ধৰিলে। তাৰ পৰিণাম আমি বহু সময়ত ভোগ কৰিবলগীয়া হৈছে।

অতি সম্প্রতি ডিজিটেল মিডিয়াৰ ক্ষেত্রখনত সংযোজন হ’ল বহু ন ন নিউজ প’ৰ্টেলৰ। নগৰ-চহৰসমূহৰ কথাতো বাদেই মফচলীয়া অঞ্চলসমূহতো বিভিন্ন এনে ‘প’র্টেল গঢ় লৈ উঠিছে। এনে প’র্টেলসমূহে ছচিয়েল মিডিয়া ফেচবুকৰ জৰিয়তে জনসাধাৰণৰ লগত সংযোগ স্থাপন কৰে। সেয়েহে পলকতে কোনো এটা বাতৰি জনসাধাৰণে হাতত থকা ম’বাইলটোৰ জৰিয়তে পাবলৈ সক্ষম হৈছে। তাৰ পৰিণতিত সংবাদ মাধ্যমসমূহৰ মাজত অর্থাৎ বাতৰি কাকত, নিউজ চেনেল, নিউজ প’র্টেল আদিৰ মাজত তীব্র প্রতিযোগিতা হ’বলৈ ধৰিছে আৰু সেই প্রতিযোগিতাত তিষ্ঠি থাকিবলৈকে কিছুমান বাতৰি সত্যাসত্য নথকাৰ পাছতো প্রচাৰ-প্রকাশ কৰিবলৈ লৈছে আৰু এচাম সাংবাদিকে কেবল শুনা কথাটোকে ৰস লগাই বাতৰি হিচাপে যোগান ধৰিবলৈ লৈছে। বর্তমান প্রতিযোগিতাৰ ‘দৌৰত এচাম সাংবাদিকে এনে পর্যায়তো উপনীত হৈছে যে কাৰোবাৰ ঘৰৰ ভিতৰত ঘটা ঘটনা বা শোৱনি কোঠাত ঘটা ঘটনাও জনসাধাৰণৰ মাজলৈ লৈ যাবলৈ কুণ্ঠাবোধ নকৰা হ’ল। এজন অসহায় লোকৰ ওপৰত এচাম উদণ্ড লোকে মৰেল পুলিচগিৰি কৰি আছে, সেই ঘটনাটো প্রথমৰপৰা শেষলৈকে ভিডিঅ’ কৰি থাকিবলৈ এচাম সাংবাদিকৰ ধৈর্য থাকে, অথচ তাৰপৰা লোকজনক উদ্ধাৰ কৰাৰ সাহস নাথাকে। আনহাতে কোনোবাই কাৰোবাৰ ওপৰত অভিযোগ দিছে, লগে লগে অভিযুক্তক দোষী সাব্যস্ত কৰি হৰফৰ আখৰে বাতৰি পৰিৱেশন কৰা আমি প্রায়ে লক্ষ্য কৰোঁ। এনে বাতৰিয়ে যে সমাজত বিৰূপ প্রভাৱ পেলাব পাৰে সেই কথাত গুৰুত্ব নিদিয়ে। এচাম সাংবাদিকে পৰিবেশন কৰা উত্তেজনাপূর্ণ বাতৰিয়ে যে কাৰোবাৰ জীৱন ধ্বংস কৰিব পাৰে, কাৰোবাৰ এখন সংসাৰ শেষ কৰি দিব পাৰে বা কাৰোবাক আত্মহত্যাৰ পথলৈও ঠেলি দিব পাৰে সেই কথা অকণমানো নাভাবে। এইবিলাক দেখি-শুনি এনে লাগে সংবাদ মাধ্যমসমূহে লক্ষ্য আক উদ্দেশ্যৰপৰা ফালৰি কাটিছে আৰু সাংবাদিকতাৰ যি দায়বদ্ধতা তাৰপৰা যেন বহু দূৰ আঁতৰি আহিছে। হ’ব পাৰে সংবাদ মাধ্যম গণতন্ত্রৰ চতুর্থ স্তম্ভ। সেইবুলিয়ে যি মন যায় তাকে প্রকাশ আৰু প্ৰচাৰ কৰিব, সেয়া মানি ল’ব নোৱাৰি। প্রতিটো সংবাদ মাধ্যমতে একোজন সম্পাদক থাকে, সম্পাদকসকলেও বাতৰি এটা অহাৰ লগে লগে তাক কেৱল টি আৰ পি পোৱাৰ আশাত প্ৰচাৰ কৰিব নালাগে। এনে ধৰণৰ কাৰবাৰবিলাক অসমৰ সুংবাদ মাধ্যম আৰু সাংবাদিকতাৰ ক্ষেত্রখনত আজিকালি সঘনাই দেখিবলৈ পোৱা গৈছে। তিলটোকে তাল কৰি পৰিবেশন কৰা বাতৰিৰ ফলত আমাৰ সমাজত বহু সময়ত উত্তেজনা সৃষ্টি হৈ পৰিবেশ বিনষ্ট কৰা উদাহৰণ বহু আছে। অতিৰঞ্জিত আৰু উত্তেজনা সৃষ্টি কৰিব পৰা বাতৰিৰ ধাৰাটোক ‘হালধীয়া সাংবাদিকতা”বুলি কয়। এই ধাৰাটোৰে বর্তমান অসমৰ কিছুসংখ্যক সংবাদ মাধ্যম আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনক বহু ক্ষতি কৰিছে। লগতে এনে সংবাদ মাধ্যমসমূহৰ বিশ্বাসযোগ্যতাও জনসাধাৰণৰ মাজত কমি আহিবলৈ ধৰিছে।
আনহাতে অপ্ৰিয় হ’লেও সত্য যে একাংশ ডিজিটেল মেডিয়াত কাম কৰা যুৱক -যুৱতী একেবাৰে জ্ঞান শূণ্য। তেওঁলোকে নিজকে সাংবাদিক বুলি পৰিচয় দিয়ে কিন্তু সাংবাদিকৰ যিখিনি গুণ থাকিব লাগে সেইখিনি তেওঁলোকৰ সমূলি নাই। ব্যৱহাৰ নাজানে, সাধাৰণ জ্ঞান নাই। অসমৰ বিশিষ্ট সাংবাদিক, সাহিত্যিক সকলক চিনি নাপায়। অথচ তেওঁলোকে মেডিয়াত কাম কৰে বুলি গপত গংগাটোপ হৈ থাকে।

উল্লেখযোগ্য যে সংবাদ মাধ্যম গণতন্ত্রৰ চতুর্থ স্তম্ভ হ’লেও যদিহে কাৰোবাৰ বিৰুদ্ধে অপপ্রচাৰ চলাই বাতৰি পৰিৱেশন কৰে, তেনেহ’লে অপপ্রচাৰ চলোৱা, মনে সজা বাতৰি পৰিৱেশন কৰাৰ বাবে আইনৰ আওতালৈও আহিব পাৰে। Sec-tion 505 (1) of Indian Panel Code, 1860ৰ মতে ‘Whoever by making,

publishing or circulating any statement rumour-or report which may cause fear for an alarm to the public or to any section of the public shall be punished with im-prisonment which may extend to three years or with fine or with both.’ আনহাতে ‘If any kind of fake news is telecasted in news-chan-nels, one can file a complaint with the News Broadcasters Associa tion (NBA) which represents the Private television news and cur-rent affairs broadcasters.’ আকৌ উচ্চতম ন্যায়ালয়ে কৈছে- ‘Editor to be held responsible in cases of false reporting

গতিকে অসমৰ সংবাদ মাধ্যমসমূহ আৰু সাংবাদিকসকলে বাতৰি পৰিৱেশন কৰিবলৈ যোৱাৰ আগেয়ে আগ-পিছ ভাবি শুদ্ধ আৰু সত্য বাতৰি পৰিৱেশন কৰিবলৈ যত্নপৰ হোৱা উচিত। কাৰণ জনসাধাৰণে সদায় ইতিবাচক বাতৰিকে গুৰুত্ব দিব বিচাৰে। সস্তীয়া উত্তেজক বাতৰিয়ে একশ্রেণী দর্শকক আকর্ষিত কৰিব পাৰে, কিন্তু সচেতন ৰাইজে তেনে বাতৰিক সদায়ে অগ্রাহ্য কৰে। গতিকে সময় থাকোঁতেই অসমৰ সংবাদ মাধ্যম আৰু একাংশ সাংবাদিকে জনসাধাৰণৰ প্রতি দায়বদ্ধ হ’বলৈ যত্নপৰ হোৱা উচিত।

Leave a comment

Your email address will not be published. Required fields are marked *