বিশ্বজুৰি এতিয়া অস্হিৰ পৰিৱেশ

ৰেখা বৰগোহাঁই 

সম্প্ৰতি সমগ্ৰ বিশ্বতে অশান্ত জৰ্জ পৰিৱেশ এটা বিৰাজমান । কাৰণ বিশ্বৰ বহু কেইখন দেশত যুদ্ধ দামামা চলি আছে। তাৰ ফলতেই বৰ্তমান যিটো পৰিৱেশ সৃষ্টি হৈছে,সিয়ে যেন দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সৃষ্টি হোৱা অশান্ত পৰিৱেশকো চেৰ পেলাইছে।”ইনষ্টিটিউট অফ ইক’নমিক্স এণ্ড পীচ”ৰ প্ৰতিবেদনত প্ৰকাশ কৰা “গ্লোবেল পীচ ইনডেক্স”ৰ মতে সমগ্ৰ বিশ্বতে এতিয়া শান্তি পৰিৱেশ হ্ৰাস পাইছে। ইয়াৰ মূল কাৰণ বিলাকৰ ভিতৰত বৰ্দ্ধিত ৰাজনৈতিক উত্তেজনা আৰু সংঘাত, পাৰস্পৰিক মিত্ৰতা -শত্ৰুতা, ক্ৰমাগতভাৱে বৃদ্ধি হোৱা অৰ্থনৈতিক অনিশ্চয়তা আৰু সামৰিক গতিবিধি বৃদ্ধি।
দ্বিতীয় বিশ্বযুদ্ধৰ পাছত সমগ্ৰ বিশ্বতে বিভিন্ন ৰাষ্ট্ৰৰ মাজত সৰ্বাধিক সংঘাত চলি আছে বুলি উক্ত প্ৰতিবেদনত প্ৰকাশ। বৰ্তমান বিশ‌্বত সক্ৰিয় হৈ আছে ৫৯ টা ৰাষ্ট্ৰ ভিত্তিত সংঘাত। তাৰে প্ৰধান কেইটামান সংঘাত হৈছে —-ৰুচিয়া-ইউক্ৰেইন, ইজৰাইল -পেলেষ্টাইন, আমেৰিকা -ৰুচিয়া, চীন -আমেৰিকা, ইৰাণ – আমেৰিকা, ইজৰাইল – চিৰিয়া, ইউৰোপীয় ইউনিয়ন- ৰুচিয়া, বৃটেইন – ৰুচিয়া , ভাৰত – পাকিস্তান , আমেৰিকা – ভেনিজুৱেলা, য়েমেন -ছৌদি আৰৱ , তুৰস্ক- আমেৰিকা, উত্তৰ কোৰিয়া – আমেৰিকা, আফ্ৰিকা – ৰুচিয়া, চীন – টাইৱান আদি। এই সংঘাত বোৰ দিনে দিনে ভয়াবহ ৰূপত বৃদ্ধি হ’বলৈ লৈছে। ইয়াৰ যেন অন্তৰে নপৰিব।
অতি শেহতীয়াকৈ ইৰাণ – ইজৰাইলৰ মাজত হোৱা আক্ৰমণ -প্ৰত্যাক্ৰমণে বিশ্ব জোকাৰি গৈছে। ইজৰাইলে যোৱা ১৩ জুনত ইৰাণৰ ওপৰত আক্ৰমণ চলাই দেশখনৰ জেষ্ঠ্য সামৰিক নেতৃত্বক হত্যা কৰিলে। প্ৰত্যুত্তৰত ইৰাণেও ইজৰাইলৰ কেইবাটাও সামৰিক আৰু অসামৰিক স্থানত প্ৰত্যাক্ৰমণ চলালে। যোৱা ২১ জুনৰ নিশা ইজৰাইলৰ পক্ষৰ লৈ আমেৰিকাই ইৰাণৰ তিনিটাকে বৃহৎ পৰমাণু কেন্দ্ৰ আক্ৰমণ কৰে। ইৰাণ – ইজৰাইলৰ যুদ্ধত প্ৰত্যক্ষভাৱে আমেৰিকা সোমাই পৰাৰ কাৰণেই সম্প্ৰতি বিশ্বত তৃতীয় বিশ্ব যুদ্ধৰ আশংকা ঘনীভূত হৈ পৰিছে। এনেদৰে আমেৰিকাই ইজৰাইলৰ পক্ষ লোৱাত ৰাষ্ট্ৰসংঘৰ মহা সচিব এণ্টনিঅ’ গুতেৰেছে গভীৰ উদ্বেগ প্ৰকাশ কৰি কৈছে –” আমেৰিকাই ইৰাণৰ বিৰুদ্ধে যিদৰে বল প্ৰয়োগ কৰিলে,সেয়া দেখি মই শংকিত। আমেৰিকাই ইৰাণৰ বিৰুদ্ধে আক্ৰমণ চলাই আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।” আনহাতে ইউক্ৰেইন আৰু ৰুছিয়াৰ মাজত চলি থকা যুদ্ধ আজিও অন্ত পৰা নাই। সেই যুদ্ধৰ ফলত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে ইউক্ৰেইন। তথাপিও যুদ্ধৰ শাম কটা নাই। তদুপৰি ইউক্ৰেইন আৰু ৰুছিয়াৰ যুদ্ধত একাধিক দেশ জড়িত হৈ বিশ্বৰ শান্তিত ব্যাঘাত জন্মাইছে।
“ইনষ্টিটিউট ফৰ ইক’নমিক্স এণ্ড পীচ” প্ৰতিবেদনখনত ১৬৩ খন স্বাধীন ৰাষ্ট্ৰ আৰু অঞ্চলক শান্তিৰ স্তৰ অনুসৰি স্হান দিছে।বিশ‌্বৰ ৯৯.৭ শতাংশ জনসংখ্যাক সামৰি কৰা অধ্যয়ন অনুসৰি যিবিলাক দেশত যুদ্ধ আৰু সংঘাত চলি আছে, সেইবিলাক সৰহসংখ্যক আন্তঃৰাষ্ট্ৰীয় হৈ পৰাত অৰ্থাৎ ৭৮ খন দেশ বৰ্তমান নিজৰ সীমা অতিক্ৰম কৰি যুদ্ধ বা সংঘাতত লিপ্ত হৈছে, ফলত বিশ্বৰ শান্তিত ব্যাঘাত জন্মিছে আৰু ইয়াৰ সমাধানৰ পথত হেঙাৰ হৈছে।
উল্লেখযোগ্য যে যোৱা দুই দশক ধৰি বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ মাজত যুদ্ধ -সংঘাত চলিয়েই আছে আৰু ইয়াৰ শান্তিপূৰ্ণ সমাধান হোৱাৰ আশা একেবাৰে কম। ফলত বিশ্বৰ শান্তিৰ মাত্ৰা ০.৩৬ শতাংশলৈ অৱনমিত হৈছে। সম্প্ৰতি বিশ্বৰ ৭৪ খন দেশত শান্তিৰ মাত্ৰা বৃদ্ধি হোৱাৰ বিপৰীতে ৮৭ খন দেশত শান্তিৰ মাত্ৰা দিনে দিনে হ্ৰাস পাইছে।২০০৮ চনত বিশ্ব শান্তিপূৰ্ণ দেশ হিচাপে স্বীকৃতি পাইছিল আইচলেণ্ডে। তেতিয়াৰ পৰা এতিয়ালৈকে শান্তিপূৰ্ণ দেশৰ ধাৰাবাহিকতা আইচলেণ্ডে ৰক্ষা কৰি আহিছে। তাৰপিছত ক্ৰমান্বয়ে দ্বিতীয় স্থানত আয়াৰলেণ্ড, তৃতীয় স্থানত অষ্ট্ৰিয়া , চতুৰ্থ স্থানত নিউজিলেণ্ড আৰু পঞ্চম স্থানত আছে চুইজাৰলেণ্ড ।ভাৰতৰ স্হান ১৬৩ খন দেশৰ ভিতৰত ১১৬ নম্বৰত আছে। ইয়াৰ দ্বাৰা কব পাৰি যে অঞ্চল ভিত্তিত পশ্চিম আৰু মধ্য ইউৰোপ বিশ্বৰ ভিতৰতে শান্তিপূৰ্ণ স্হান। বিপৰীতে ৰুচিয়া, মধ্যপ্ৰাচ্য, উত্তৰ আফ্ৰিকা, ইউক্ৰেইন,ছুডান, কংগো, পাকিস্তান, বাংলাদেশ আৰু য়েমেনৰ দৰে ৰাষ্ট্ৰসমূহ শান্তিপূৰ্ণ দেশৰ তালিকাত শেষৰফালে স্হান পাইছে।

Leave a comment

Your email address will not be published. Required fields are marked *