ভেদাইলতাৰ ঔষধি গুণ :
ভেদাইলতা এবিধ ঔষধি গুণবিশিষ্ট বনশাক। ভেদাইলতাৰ এটা অকটা গোন্ধ আছে। ভেদাইলতা ঘৰৰ-বাৰীখনৰ জেকা আৰু হাবিতলীয়া ঠাইত গজে।
লতাজাতীয় উদ্ভিদ ভেদাইলতাৰ বৈজ্ঞানিক নাম Paedericto Chide। ভেদাইলতা Rubiaceae গোটৰ অন্তৰ্গত।
ভেদাইলতাৰ ফুল আগষ্ট মাহৰ পৰা অক্টোবৰ মাহৰ ভিতৰত ফুলে। ভেদাইলতাৰ ফুল সৰু, বেঙুনীয়া আৰু চুঙাকৃতিৰ।
ভেদাইলতাৰ ঔষধিগুণসমূহ হ’ল-
ডায়েৰিয়া ৰোগত ভেদাইলতা উপকাৰী। পেটৰ বিভিন্ন প্ৰকাৰৰ ৰোগ, অৰুচি, গ্ৰহণী আদিত ভেদাইলতাৰ তৰকাৰী খালে সুফল পোৱা যায়।
বাতবিষত আক্ৰান্ত হ’লে ভেদাইলতা ৰস খালে আৰোগ্য হয়।
অৰ্শৰোগত ভেদাইলতাৰ শিপাৰ ৰস খাব লাগে।
ভেদাইলতা শক্তিবৰ্ধক। পাত আৰু শিপাৰ ৰস নিয়মীয়াকৈ খাব লাগে।
দাঁতৰ বিষ হ’লে ভেদাইলতাৰ গুটি খাব লাগে।
ভেদাইলতাৰ ৰস খালে স্নায়ুৰোগত সুফল পোৱা যায়।
ভৰি-হাতৰ হাড় ভাগিলে বা মোচোকা খালে ভেদাইলতা পিচি তাৰ ৰসৰ প্ৰলেপ দিলে বিষ কমে।
ভেদাইলতাৰ ৰসে হজম শক্তি বঢ়ায়।
ছালৰ ৰোগত ভেদাইলতাৰ ৰসৰ প্ৰলেপ দিলে সুফল পোৱা যায়।
প্ৰ্সূতিসকলক প্ৰসৱৰ আগে-পিছে ভেদাইলতাৰ চাটনি কৰি খুৱাব লাগে।
গা আৰু বুকুৰ বিষত ভেদাইলতা উপকাৰী।
আমি সকলোৱে ভেদাইলতা খোৱা উচিত