ভিটামিন B12 ৰ গুৰুত্ব কিমান মানৱ শৰীৰত
মানৱ শৰীৰত ভিটামিন B12 ৰ গুৰুত্ব উল্লেখনীয় l মানৱ শৰীৰত B12 য়ে কাম কৰে অক্সিজেনৰ দৰে। B12 ৰ অবিহনে শৰীৰৰ বহু অংশ বিপথে পৰিচালিত হ’ব পাৰে। এক আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত পোৱা তথ্য অনুসৰি ভিটামিন B12 ৰ অভাৱ হ’লে মানৱ শৰীৰত দেখা দিব বিভিন্ন ধৰণৰ লক্ষণে। অলপ কাম কৰিলেই আপোনাৰ উশাহ বন্ধ হোৱাৰ লগতে মূৰ ঘুৰোৱাৰ দৰে হ’ব পাৰে। একো কাম নকৰাকৈ আপোনাৰ শৰীৰত ভাগৰ অনুভৱ হোৱা, আপোনাৰ শৰীৰৰ ছাল শেঁতা পৰা হ’ব পাৰে। কেৱল ইমানেই নহয় আপোনাৰ হাত ভৰি অজ্ঞান হ’ব পাৰে , আপুনি খিংখিঙিয়া হ’ব পাৰে। শৰীৰত ভিটামিন B12 বঢ়াবৰ বাবে খাদ্যৰ তালিকাত ৰাখক দৈ,মাছ,কণীৰ কুহুম,, কুকুৰাৰ মাংস,মাশ্বৰুম এই ধৰণৰ লক্ষণে দেখা দিলে আপুনি তাৎক্ষণিকভাৱে পৰামৰ্শ লওক চিকিৎসকৰ