শ্যামকানুৰ অধিবক্তা ৰাজকমলৰ কি সম্পৰ্ক আছে কংগ্ৰেছৰ সৈতে?

শ্যামকানু মহন্তৰ হৈ উচ্চতম ন্যায়ালয়ত লেখ আবেদন দাখিল কৰা অধিবক্তা ৰাজকমল প্ৰকৃততে কোন?

পঞ্জাবত কংগ্ৰেছৰ শাসনকালৰ সময়ত ডেপুটি এডভোকেট জেনেৰেল আছিল অধিবক্তা ৰাজকমল।

২০১৭ৰ পৰা ২০২১ৰ ছেপ্টেম্বৰ পৰ্যন্ত DAG হিচাপে কৰ্মৰত আছিল অধিবক্তা ৰাজকমল।

উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা এসময়ৰ কংগ্ৰেছ দলৰ ৰাজ্যসভাৰ সদস্য কে টি এছ তুলসীৰ অধীনত কেৰিয়াৰ আৰম্ভ কৰিছিল অধিবক্তা ৰাজকমলে।

২০০৬ৰ পৰা ২০১৬ পৰ্যন্ত কে টি এছ তুলসীৰ চেম্বাৰত কৰ্মৰত আছিল অধিবক্তা ৰাজকমল।

নয়দাৰ চিম্বায়োচিছ আইন বিদ্যালয়ৰো অতিথি অধ্যাপক আছিল অধিবক্তা ৰাজকমল।

ইতিমধ্যে জুবিনৰ মৃত্যুৰ গোচৰৰ তদন্ত অসম আৰক্ষীৰ পৰা হস্তান্তৰৰ আৱেদন কৰিছে অধিবক্তা ৰাজকমলে। শ্যামকানুৰ হৈ উচ্চতম ন্যায়লয়ত লেখ আবেদন (ক্ৰিমিনেল) 56715/2025 খন ৩০ চেপ্তেম্বৰ আবেলি ৩-৩২ মিনিটত কৰিছে অধিবক্তা ৰাজকমলে।

অসম আৰক্ষীৰ পৰা CBIলৈ গোচৰ হস্তান্তৰৰ আৱেদন শ্যামকানুৰ।

ছিংগাপুৰত থকা শ্যামকানুৱে ৰহস্যজনকভাৱে মালয়েছিয়াৰ পৰা কৰিলে আবেদন


শ্যামকানুৰ লেখ আৱেদনৰ নটাৰীও কৰা হৈছিল মালয়েছিয়াতে।

যিটো সময়ত অসমৰ অধিবক্তা সকলে জুবিন মৃত্যুৰ বাবে জগৰীয়া সকলৰ হৈ ওকালতি নকৰাৰ সিদ্ধান্ত লৈছে সেইসময়ত শ্যামকানুৰ হৈ আগবাঢ়ি আহিছে ৰাজকমল।

Leave a comment

Your email address will not be published. Required fields are marked *