হিতাধিকাৰী বনাম গ্ৰাম্য অর্থনীতি
ৰেখা বৰগোহাঁই
অসম অতীতৰে পৰা সুজলা-সুফলা, শস্য-শ্যামলা ৰাজ্য। ইয়াৰ উৰ্বৰ ভূমিয়ে কোনোদিনে কাকো নিৰাশ কৰা নাই। সেয়েহে এই ৰাজ্যত বাস কৰা সকলো লোক কর্মঠ, পৰিশ্রমী। দৈনন্দিন জীৱনত প্রয়োজন হোৱা প্রতিবিধ খাদ্য-সামগ্রী প্রত্যেক পৰিয়ালে উৎপাদন কৰি লয় আৰু প্রয়োজনীয় সাজ-পাৰো তৈয়াৰ কৰি লয়। কেইবছৰমানৰ আগলৈকে অসম আছিল এখন স্বনির্ভৰশীল ৰাজ্য। বিশেষকৈ ১৮২৬ চনত হোৱা ইয়াণ্ডাবু সন্ধিৰ আগলৈকে অসম আৰু অসমীয়াই, কোনো বস্তুৰ কাৰণে আনৰ ওচৰত হাত পাতিবলগীয়া নহৈছিল। আহোম ৰাজত্বৰ বেলি মাৰ যোৱাৰ পাছৰেপৰা অসম বৃটিছৰ হাতলৈ গ’ল। কর্মঠ, পৰিশ্রমী অসমীয়াক বৃটিছে কানি, ভাং খুৱাই এলেহুৱা কৰি পেলালে। তথাপি অসমীয়াই খেতি কৰিবলৈ, তাঁতত কাপোৰ ব’বলৈ এৰা নাছিল। বাৰীত নিজৰ বাবে প্রয়োজনীয় শাক-পাচলিখিনিও উৎপাদন কৰি লৈছিল। সৌ সিদিনালৈকে শাওণ আৰু আঘোণৰ পথাৰ সতেজ হৈ আছিল।
১৯৪৭ চনত দেশ স্বাধীন হোৱাৰ লগে লগে অসমো বৃটিছৰ হাতোৰাৰপৰা মুক্ত হ’ল। অৱশ্যে বৃটিছৰ শাসনত দেশৰ অর্থনৈতিক কামিহাড় ভাগি পৰিছিল। কিন্তু নিজৰ হাতলৈ শাসনভাৰ লৈ ভাৰত চৰকাৰে অর্থনীতিৰ ভেটি মজবুত কৰাৰ উদ্দেশ্যে বিভিন্ন ধৰণৰ পৰিকল্পনা হাতত ল’বলৈ ধৰিলে। তাৰ সুফল ভাৰতৰ বহুকেইখন ৰাজ্যই লাভ কৰিবলৈ ধৰিলে আৰু দেশৰ অর্থনীতিলৈ অৱদান আগবঢ়াবলৈ ধৰিলে। কিন্তু অসমত বনজ সম্পদ, খনিজ সম্পদ, জলজ সম্পদ আদি কৰি সকলো সম্পদ পৰিপূৰ্ণ হৈ থকাৰ পাছতো কিন্তু স্বাধীনতাৰ পাছত বিশেষ আগবাঢ়িব নোৱাৰিলে। তথাপি গাঁৱৰ যুৱক তথা পুৰুষসকলৰ কান্ধত নাঙলখন বা কোৰখন লৈ পথাৰলৈ যোৱাৰ অভ্যাস আছিল। প্রত্যেক ঘৰৰ দ মাটিখিনিত বছৰটোলৈ জোৰাকৈ ধান খেতি আৰু বাম মাটিখিনিত মিঠাতেলৰ বাবে সৰিয়হ খেতি, মাটিমাহ, ৰঙালাও, কোমোৰাকে আদি কৰি শাক-পাচলিৰ খেতি কৰিব পৰাকৈ ইচ্ছা আছিল। লগতে মহিলাসকলে ঘৰৰ সকলোৰে কাৰণে তাঁতত কাপোৰ বৈ উলিয়াইছিল। কণী- মাংসৰ কাৰণে হাঁহ-কুকুৰা পুহিছিল। গাখীৰৰ কাৰণে গৰু পুহিছিল। কিন্তু লাহে লাহে যেন এই সকলোৰেপৰা অসমীয়া সমাজখন আঁতৰি আহিবলৈ ল’লে। অসমীয়া মানুহে কাম কৰিবলৈ বেয়া পোৱা হ’ল। তাতে সাৰ-পানী যোগালে চৰকাৰৰ হিতাধিকাৰী আঁচনিবোৰে। অসমৰ বুজন সংখ্যক লোক এতিয়া কোনোবা নহয় কোনোবা এখন আঁচনিৰ হিতাধিকাৰী। মাহৰ মূৰত চৰকাৰে বিনামূলীয়াকৈ চাউল, এক বা দুহেজাৰ টকা হিতাধিকাৰীৰ হাতত তুলি দিছে- গতিকে, কাম কৰাৰ কি প্রয়োজন আছে। যি অসমীয়া মানুহে কিছু পৰিশ্ৰম কৰি ঘৰতে খেতি-বাতি কৰি সতেজ শাক-পাচলি উৎপাদন কৰি লৈছিল, সেই মানুহে আজি হিতাধিকাৰী হৈ ভাতৰ কাঁহীৰ কাষত লোৱা জলকীয়াটোও কিনি খাবলগীয়া হৈছে। মাছ-মাংস, কণীৰ বাবেও বর্তমান অন্য ৰাজ্যৰ ওপৰত নির্ভৰ কৰিবলগীয়া হৈছে। একপ্ৰকাৰে ক’ব পাৰি, সম্প্রতি
অসমৰ গ্রাম্য অর্থনীতি সম্পূর্ণৰূপে বিধ্বস্ত। দেশৰ প্ৰাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীয়ে কৈছিল- ‘জনতাক কোনো বস্তু বিনামূলীয়াকৈ নিদিব। কেৱল শিক্ষা, চিকিৎসা আৰু ন্যায় বিনামূলীয়াকৈ পোৱা উচিত। বিনামূলীয়াই মানুহক অকর্মণ্য কৰে আৰু দেশক দুর্বল কৰে। তেওঁ নিশ্চয় ভাবি-চিন্তিয়ে কৈছিল আজি সেইজন প্রধানমন্ত্রীয়ে প্রতিনিধিত্ব কৰা দলটোৱে অসমত সৰহ সংখ্যক লোকক হিতাধিকাৰী সৃষ্টি কৰি এলেহুৱা কৰি পেলাইছে। তাতোকৈ যদি অসম চৰকাৰে একো একোখন গাঁৱক লৈ পৰিকল্পনা কৰিলেহেঁতেন তেনেহ’লে গ্ৰাম্য অৰ্থনীতিও সবল হ’লহেতেন আৰু কোনো লোক এলেহুৱা নহ’লহেতেন। যিদৰে আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত মোমাই তামুলী বৰবৰুৱাৰ নেতৃত্বত অসমৰ প্ৰতিখন গাঁৱত একো একোটা কাম কৰিবলৈ ঠিক কৰি দিছিল আৰু প্ৰত্যেকে সেই কাম কৰাতো বাধ্যতামূলক আছিল, তেনে পৰিকল্পনাই যদি অসম চৰকাৰে কৰিলেহেঁতেন প্ৰত্যেক অসমীয়াই আজি কাৰো মুখলৈ চাই নথকাকৈ জীয়াই থাকিব পাৰিলেহেঁতেন। আনহাতে স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত ভাও ধৰি থকা ধোদক লৈ এটা ৰাজআলি নির্মাণ কৰাবলৈ সক্ষম হৈছিল, যিটো আলিয়ে আজিও অসমৰ যাতায়াতৰ ক্ষেত্ৰখনত গুৰুত্বপূর্ণ ভূমিকা লৈ আহিছে।
আনহাতে, অসমীয়া মানুহৰ কর্মবিমুখতা, পৰনিৰ্ভৰশীলতা স্বভাৱৰ কাৰণেই আজি খেতি মাটি ছন পৰি থাকিবলৈ লৈছে আৰু সেই ছন পৰা মাটিত বহিঃৰাগতই থিতাপি ল’বলৈ সুবিধা পাইছে। ভালদৰে লক্ষ্য কৰিলেই আমি দেখিবলৈ পাওঁ যে বজাৰ-সমাৰ, উদ্যোগ-বাণিজ্য আদিৰ সৰহ সংখ্যক লোকেই বহিঃৰাগত। গতিকে চৰকাৰে হিতাধিকাৰী সৃষ্টিত গুৰুত্ব দিয়াতকৈ প্রত্যেকজন অসমীয়াক কাম কৰাৰ প্ৰশিক্ষণ দিয়াওক আৰু সেইখিনি সঠিক ব্যৱহাৰ কৰিবলৈ বাধ্য কৰাওক। অসমৰ উৰ্বৰ ভূমিত কেনেকৈ এটাৰ পাছত এটা কৃষিকর্ম কৰি স্বাৱলম্বী হ’ব পাৰি, সেই পৰিকল্পনা কৰক। তেতিয়া দেখিব, অসমে কেনেকৈ দেশৰ অন্যান্য ধনী ৰাজ্যবিলাকৰ লগত ফেৰ মাৰিব পাৰিছে। তেতিয়া ৰাজকোষৰ ধন হিতাধিকাৰীৰ অন্যান্য উন্নয়নমূলক কামত খৰচ কৰিব পাৰিব। তেনে কাম কৰাৰ কাৰণেই চৰকাৰখনl জনসাধাৰণৰ প্রিয়ভাজন হৈ পৰিব আৰু নিৰ্বাচনত বাৰে বাৰে বাৰে বাৰে জিকি থাকিব।