আমেও গঢ়িব পাৰে ৰাজ্যৰ অৰ্থনীতি

ৰেখা বৰগোহাঁই
এতিয়া ফলৰ ৰজা আমৰ বতৰ। অথচ অসমত নাই পৰ্যাপ্ত উৎপাদন। সেয়েহে অসমৰ চাহিদা পূৰাবৰ কাৰণে বহিঃ ৰাজ্য বিহাৰ, পশ্চিম বংগৰ পৰা দৈনিক ২-২.৫ লাখ কিলোগ্ৰাম আম আমদানি হৈছে।এই আমদানিৰ বাবে দৈনিক ৰাজ্য খনৰ পৰা ৮০-৯০ লাখ টকা ওলাই যায়। কিন্তু আম উৎপাদন কৰিবৰ কাৰণে অসমৰ মাটি আৰু জলবায়ু অতিকৈ উপযোগী। তদুপৰি অসমত প্ৰায় ৬০ বিধ থলুৱা আমৰ প্ৰজাতি পোৱা যায়। যদি সঠিক পৰিকল্পনা আৰু ব্যৱসায়িক ভিত্তিত অসমৰ থলুৱা আমৰ খেতি কৰা হয় , ৰাজ্যৰ চাহিদা পূৰণ কৰাৰ উপৰিও পৰ্যাপ্ত পৰিমাণৰ আম ৰপ্তানিও কৰিব পৰা যাব। ফলত অসমৰ অৰ্থনীতি ভেটি গঢ়াত আমে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰিলে হয়। তাকে আজিকোপতি গঢ় লৈ উঠা নাই।
অসমত হোৱা কেইবিধমান আম হৈছে –গোলাপ খাচ,লিখচৌ,ফজল,সূয্যপুৰী,হিমসাগৰ,লক্ষণভোগ আদি।এই প্ৰজাতিৰ আমৰ সোৱাদ মিঠা আৰু সুগন্ধিযুক্ত। যিয়ে খুব সহজেই গ্ৰাহকক আকৰ্ষণ কৰে। তদুপৰি আমত আছে A,C আৰু E ভিটামিন। আনহাতে অসমৰ থলুৱা আমসমূহ হৈছে –টিলিকি আম,সেন্দুৰী আম,মাটিমিঠা আম,বৰআম,গৰুৱা আম আদি।এই প্ৰজাতিৰ আমবিলাক আমাৰ অৱহেলাৰ কাৰণে বৰ্তমান বিলুপ্তিৰ পথত। গ্ৰীষ্মকালত আম সকলোৱে প্ৰিয় এবিধ ফল হৈ পৰে। কিন্তু যি অনুপাতত অসমত আম উৎপাদন হ’ব লাগিছিল সেয়া নোহোৱাৰ কাৰণেই প্ৰতিবছৰে বহু লাখ টন আম বহিঃ ৰাজ্যৰ পৰা আমদানি হয়। সেয়েহে বৰ্তমান আমি দেখিবলৈ পাইছোঁ বহিঃ ৰাজ্যৰ আমেৰে ভৰি পৰিছেহি অসমৰ বজাৰ। গুৱাহাটীৰ আদাবাৰীত থকা উত্তৰ-পূবৰ ডাঙৰ পাইকাৰী বজাৰখন লৈ দৈনিক ২০ ট্ৰাক আম আহে। এখন ১২ চকীয়া ট্ৰাকত ৪৫০ টাই কাৰ্টুন আহে। সেই হিচাপে দৈনিক ৯০০০ কাৰ্টুন আম আমদানি হয়। পৰিণতিত এক বুজন পৰিমাণৰ অৰ্থ অসমৰ পৰা বাহিৰলৈ এই আমৰ বতৰতে ওলাই যায়। সেয়েহে এই বৃহৎ পৰিমাণৰ অৰ্থ অসমৰ পৰা ওলাই যোৱা ব্যৱস্থা বন্ধ কৰিবলৈকে অসমত ব্যৱসায়িক ভিত্তিত আমৰ খেতি কৰিবলৈ অসমীয়াই হাতে-কামে লাগিব হ’ল। যিহেতু অসমৰ মাটি আৰু জলবায়ু আম খেতিৰ বাবে অতিকৈ উপযোগী। যদি সঠিক পৰিকল্পনাৰে ব্যৱসায়িক ভিত্তিত আমৰ খেতি কৰা হয়, তেনেহলে অসমৰ নিবনুৱা সমস্যাও বহু পৰিমাণে সমাধান হ’ব। এইক্ষেত্ৰত চৰকাৰেও সহযোগিতা আগবঢ়াব লাগিব।

Leave a comment

Your email address will not be published. Required fields are marked *