মোক সহায় কৰক,প্লিজ–বন্ধ কোঠাৰ পৰা বলিউডৰ মোহময়ী অভিনেত্ৰী আৰ্তনাদ।

এসময়ত বলিউদ তথা টলিউদত খলকনি সৃষ্টি কৰা তনুশ্ৰী দত্তক হয়তো চিনাকি কৰাই দিয়াৰ প্ৰয়োজন নাই। মি টু আন্দোলনৰ সূচনা কৰা এই মোহময়ী অভিনেত্ৰীগৰাকী বলি হৈছে গাহ্যস্থ হিংসাৰ। এই কথা নিজে এটা ভিডিঅ প্ৰস্তুত কৰি সামাজিক মাধ্যমত ৰাজহুৱা কৰিলে অভিনেত্ৰী তনুশ্ৰীয়ে।

ইনষ্টাগ্ৰামত এটা ভিডিঅ আপলোড কৰি অভিনেত্ৰীগৰাকীয়ে বিচাৰিছে সহায়। ভিডিঅটোত তেওঁ কান্দি কান্দি সদৰি কৰিছে যে, তেওঁ সৈতে বিগত প্ৰায় ৪-৫বছৰ ধৰি চৰম নিৰ্যাতন হৈছে। তেওঁ ভিডিঅটোত কৈছে- মোক মোৰ ঘৰতে ব্যতিব্যস্ত কৰি তোলা হৈছে। নিজৰ ঘৰতে মই বহু অশান্তিত আছো। মই আৰক্ষীকো ফোন কৰিছো। তেওঁলোকে মোক থানালৈ গৈ অভিযোগনামা দাখিল কৰিবলৈ কৈছে। মই অতি সোনকালে থানালৈ যাম। মোৰ স্বাস্থ্য ভাল নহয় বাবে মই এতিয়া যাব পৰা নাই।

তেওঁ লগতে কয় যে, বিগত ৪-৫বছৰ ধৰি মোৰ সৈতে বহু নিৰ্যাতন হৈছে। মই শাৰিৰিক আৰু মানসিকভাৱে ভাগি পৰিছো। মই একো কামেই এতিয়া কৰিব পৰা নাই। মোক ঘৰুৱা কাম-কাজত সহায় কৰিবলৈও এতিয়া কোনো নাই। মই বহুত অসহায় অনুভৱ কৰিছো। প্লিজ, মোক কোনোবাই সহায় কৰক।

উল্লেখ কৰা প্ৰয়োজন যে, এসময়ত বলিউদত দপদপাই থকা তনুশ্ৰী বিয়া হোৱাৰ পাছতে হঠাতে অন্তৰ্ধান হৈ পৰিছিল। বিগত কেইবাবছৰ ধৰি ছবিৰ কামৰ পৰা আঁতৰি আছে অভিনেত্ৰীগৰাকী

Leave a comment

Your email address will not be published. Required fields are marked *