ক্ৰমান্বয়ে হ্ৰাস পাইছে টোকোৰা চৰাইৰ সংখ্যা

ৰেখা বৰগোহাঁই
আমাৰ চাৰিওফালে সততে কিৰিলি পাৰি ,নাচি-বাগি থকা এবিধ চৰাই হৈছে টোকোৰা চৰাই। কেইবছৰমান আগলৈকে ওখ ওখ গছবিলাকত বিশেষকৈ তামোল গছৰ পাতত ওলমাই ওলমাই অতি নিখুঁত, নিপুণভাৱে বাহ সজা চৰাইবিধ বৰ্তমান সংকটৰ গৰাহত। গছৰ পাত,বন,খেৰ আদিয়ে সুন্দৰকৈ বাহ সজা টোকোৰা চৰাইবিধক অভিযন্তা বা তাঁতী চৰাই বুলিও কয়। ইয়াৰ ইংৰাজী নাম Baya Weaver. বৈজ্ঞানিক নাম Ploceus Benghalensis.
টোকোৰা চৰাই হৈছে এচিয়া আৰু আফ্ৰিকা মহাদেশৰ বিভিন্ন অঞ্চলত বাস কৰা সৰু প্ৰজাতিৰ এবিধ আকৰ্ষণীয় চৰাই।বিশ্বত প্ৰায় সত্তৰটা মান প্ৰজাতি থকা এই চৰাই বিধৰ সাধাৰণতে দৈৰ্ঘ প্ৰায় ১৫ ছেমি হয়, যদিও মতা টোকোৰা চৰাইটো অলপ ডাঙৰ হয়। সিহঁতৰ গাৰ বৰণ উজ্বল হালধীয়া।এই বৰণটোয়ে গাটো আৱৰি ৰাখে যদিও পাখি আৰু নেজৰ পালকবোৰ গাঢ় মুগা বৰণৰ হয়। সাধাৰণতে টোকোলাই চৰাইবিধক মুকলি ঘাঁহনি, ধান খেতি,আদ্ৰভূমিত দেখা যায়।টোকোলাই চৰাইৰ খাদ্য হৈছে বিভিন্ন ধৰণৰ বীজ, শস্য আৰু পোক- পতংগ ।
বসন্ত কাল টোকোলাই চৰাইৰ প্ৰজননৰ সময়। সেই সময়খিনিত মতা চৰাইবোৰে ঘাঁহ, গছৰ পাত, বন আদিয়ে খুব সুন্দৰকৈ, নিখুঁত, নিপুণভাৱে ওখ গছত বিশেষকৈ তামোল গছত বাহ সাজে।মাইকী চৰাইবোৰক আকৰ্ষিত কৰিবলৈকে মতা চৰাইবোৰে যথেষ্ট কষ্ট আৰু যত্ন কৰে। কবলৈ গ’লে মতা চৰাইবোৰে নিজৰ নিজৰ শিল্প প্ৰদৰ্শন কৰাত অকণমানো কৃপনালি নকৰে। যেতিয়া মাইকী টোকোলাই চৰায়ে নিৰ্দিষ্ট বাহৰ প্ৰতি আকৰ্ষিত হ’লে সেই বাহ সজা মতা টোকোৰা চৰাইটোয়ে সুমধুৰ গীত গাই নৃত্য প্ৰদৰ্শন কৰি মাইকী টোকোৰাজনীক স্বাগতম জনাই আৰু প্ৰেমৰ সম্পৰ্ক অব্যাহত ৰাখে।
বৰ্তমান টোকোৰা চৰাইৰ সংখ্যা হ্ৰাস হোৱাৰ পৰিলক্ষিত হৈছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা জয়যাত্ৰাৰ সময়চোৱাত মানুহে প্ৰকৃতিৰ ওপৰত কৰা অত্যাচাৰৰ ফলত চৰাইবিধৰ কাৰণে অনুকুল পৰিৱেশ নাইকিয়া হৈ আহিছে। পৰিৱেশ প্ৰদূষণ,গছ- গছনি হ্ৰাস, কৃষিভূমিৰ পৰিমাণ হ্ৰাস, খাদ্য বস্তুৰ পৰিমাণ হ্ৰাস —এইবোৰ কাৰণতেই টোকোৰা চৰাইৰ বিপন্নপ্ৰায় অৱস্থালৈ গতি কৰিছে। যদি মানুহে টোকোৰা চৰাই বিধৰ কাৰণে সদয় নহয় আৰু সংৰক্ষণৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰে , তেনেহলে অদূৰ ভৱিষ্যতে টোকোৰা চৰাইয়ে আমাৰ মাজৰপৰা বিদায় লব। গতিকে সময় থাকোঁতেই চৰাইবিধৰ সংৰক্ষণ কৰাতো আমাৰ দায়িত্ব।

Leave a comment

Your email address will not be published. Required fields are marked *