লেংডন বাতৰিৰ উদ্যোগত আৰক্ষী বিষয়া ডঃ পাৰ্থসাৰথি মহন্তক বিশেষ সম্বৰ্দ্ধনা

লেংডন ফাউণ্ডেশ্যনৰ উদ্যোগত জন্ম হোৱা সাপ্তাহিক লেংডন বাতৰি আৰু লেংডন বাতৰি পৰ্টেলৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়োৱা ৰাজ্যৰ কেইবাজনো বিশিষ্ট ব্যক্তিলৈ “লেংডন বাতৰিৰ বিশেষ সম্বৰ্দ্ধনা ২০২৫” প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । সেই সিদ্ধান্তৰ অংশ হিচাপে যোৱা ২৫ জুলাইত লেংডন ফাউণ্ডেশ্যনৰ অধ্যক্ষ নিতুল বৰগোহাঁই, লেংডন বাতৰিৰ মুখ্য সম্পাদক ৰেখা বৰগোহাঁই, উপদেষ্টাদ্বয় ডঃ মনোৰঞ্জন বৰগোহাঁই আৰু হৰেণ বৰগোহাঁই, কামৰূপ মহানগৰৰ সভানেত্ৰী ৰেখা নাওশলীয়া ফুকন ডেকা, সদস্য দীনেশ কোঁৱৰ, সদস্যা অৰ্চনা বৰুৱাসহ এটি সজাতি দলে খানাপাৰাইস্থিত গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত কাৰ্যালয়ত বিশিষ্ট কবি, প্ৰবন্ধকাৰ, চলচ্চিত্ৰ পৰিচালক, তথ্যচিত্ৰ পৰিচালক, অভিনেতা তথা মহানগৰ আৰক্ষী আয়ুক্ত ডঃ পাৰ্থসাৰথি মহন্তক “লেংডন বাতৰিৰ বিশেষ সম্বৰ্দ্ধনা” জ্ঞাপন কৰা হয় । আনহাতে সম্বৰ্ধনা গ্ৰহণ কৰি আৰক্ষী আয়ুক্ত ডঃ পাৰ্থ সাৰথি মহন্তই উদ্যোক্তা সকলক ধন্যবাদ জ্ঞাপন কৰি কয় যে আৰক্ষীত কৰ্মৰত হলেও প্ৰথম পৰিচয় হল তেওঁ এজন মানুহ । তাতে এজন অসমীয়া মানুহ হিচাপে সাধ্যানুসৰি অসমৰ সমাজ জীৱনৰ লগতে সাহিত্য, শিক্ষা, সংস্কৃতিৰ ক্ষেত্ৰখনৰ উত্তৰণৰ হকে কাম কৰি যাব।

Leave a comment

Your email address will not be published. Required fields are marked *