ভূমিপুত্ৰৰ হাতত ভূমি অধিকাৰ থাকিবলৈ নে

ৰেখা বৰগোহাঁই


সম্প্ৰতি দেখিছোঁ “এডভাণ্টেজ আছাম ২.০”ৰ গইনা লৈ ৰাজ্যৰ জিলাই জিলাই ভূমিপুত্ৰক উচ্ছেদ কৰি ভূমি অধিগ্ৰহণ কৰা দৃশ্য। অৰ্থাৎ এডভাণ্টেজ আছাম ২.০ ত দেশী-বিদেশী যিবিলাক কোম্পানীৰ লগত স্বাক্ষৰ সমাপন কৰিছিল, সেই কোম্পানীৰ প্ৰকল্পসমূহ অসমৰ চুকে-কোণে সংস্থাপন কৰিবৰ কাৰণে চৰকাৰে ভূমি অধিগ্ৰহণ কৰাত গুৰুত্ব দিছে।তাৰ বাবে চৰকাৰে ভূমিপুত্ৰৰ জীৱন -জীৱিকাত প্ৰভাৱ পেলাই হ’লেও খিলঞ্জীয়া লোকক উচ্ছেদ কৰিছে। কিন্তু নিজৰ জন্ম স্বত্ব অধিকাৰ খৰ্ব হোৱাৰ কাৰণে ভূমিপুত্ৰই এতিয়া প্ৰতিবাদত নামিছে, ভবিষ্যত অন্ধকাৰ দেখি চৰকাৰক কাবৌ-কাকূতি কৰিছে। অথচ চৰকাৰে ভূমিপুত্ৰৰ কান্দোন, প্ৰতিবাদক আওকাণ কৰি বহিঃৰাগত বনিয়াক গ্ৰীণ ফিল্ড এয়াৰপৰ্ট নিৰ্মাণ, চেটেলাইট টাউনশ্বিপ, সৌৰশক্তি প্ৰকল্প,উদ্যোগীকৰণ,পঞ্চ তাৰকা হোটেল,তৈল খেজুৰ খেতিৰ বাবে খিলঞ্জীয়াৰ মাটি অধিগ্ৰহণৰ কাৰণে দ্ৰুতগতিত কাম আৰম্ভ কৰিছে।চৰকাৰৰ মতে ইয়াৰ দ্বাৰা ৰাজ্যখনৰ উন্নয়ন হ’ব, বিকাশ হ’ব লগতে স্হানীয় লোকে সংস্থাপন পাব। তাৰ বাবে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে ভূমি অধিগ্ৰহণত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক নাম মাত্ৰ ক্ষতিপূৰণ দি আদানি-আম্বানি-ৰামদেৱৰ দৰে বণিয়াৰ হাতত ভূমি তুলি দিবলৈ লোৱাৰ কাৰ্যত চৰকাৰৰ বিৰুদ্ধে ভূমিপুত্ৰ আজি গৰজি উঠিছে।
উল্লেখ্য যে ইতিমধ্যে ৰাজ্য চৰকাৰে ৩০০০ মেগাৱাট সামৰ্থৰ সৌৰশক্তি প্ৰকল্প স্হাপনৰ বাবে ৰাজ্যৰ বিভিন্ন স্হান চিনাক্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।এই পি ডি চি এল আৰু এন এন চি ইণ্ডিয়া ৰিনিয়েবলছ লিমিটেড নামৰ কোম্পানীটোয়ে ১০০০ মেগাৱাট সামৰ্থৰ সৌৰশক্তি প্ৰকল্প,এ পি ডি চি এল আৰু এছ জে ভি এন গ্ৰীণ এলাৰ্জি লিমিটেড জইণ্ট কোম্পানীয়ে ১০০০ মেগাৱাট সামৰ্থৰ সৌৰশক্তি প্ৰকল্প আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে ১০০০ মেগাৱাট সামৰ্থৰ সৌৰশক্তি প্ৰকল্প স্হপন কৰিবলৈ ৰাজ্য চৰকাৰৰ লগত বুজাবুজি স্বাক্ষৰ কৰিছে। ইয়াৰ বাবে কাৰ্বি আংলংত ১৮০০০ বিঘা মাটি অধিগ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। কিন্তু এই ১৮০০০ বিঘা মাটিত বসবাস কৰি আছে কাৰ্বি, আদিবাসী,নগাৰ দৰে খিলঞ্জীয়া লোকসকল।এই লোকসকলক উচ্ছেদ কৰি সৌৰশক্তি প্ৰকল্প স্হাপন কৰিবলৈ লোৱাত খিলঞ্জীয়া লোকসকল প্ৰতিবাদমুখৰ হৈ পৰিছে। ইতিমধ্যেই মিকিৰ বামুণী গাঁৱত জনজাতীয় লোকসকলক উচ্ছেদ কৰি ২৫ মেগাৱাট সৌৰশক্তি প্ৰকল্প স্হাপন কৰিবলৈ মাটি অধিগ্ৰহণ কৰিছে। তদুপৰি ওদালগুৰি ৰৌতাত, কামৰূপৰ ভালুক ঘাটত, নগাঁৱৰ পদুমণি গাঁৱত,কাছাৰৰ লবকপাৰত, তেজপুৰৰ বালিপাৰাত, শিৱসাগৰৰ আমগুৰিত সৌৰশক্তি প্ৰকল্প স্থাপনৰ বাবে মাটি অধিগ্ৰহণৰ প্ৰক্ৰিয়া চলি আছে। তেনেকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত ৬০ বিঘা মাটি পঞ্চ তাৰকা হোটেল নিৰ্মাণৰ বাবে, কামৰূপ জিলাৰ ৰামপুৰত ল’জিষ্টিক পাৰ্ক নিৰ্মানৰ বাবে ১৫০ বিঘা গো-চৰণীয়া পথাৰ অধিগ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত কৰিছে। ইয়াৰ ফলত ৩০ হেজাৰ লোকৰ জীৱনলৈ যে বিপদ নামি আহিব সেয়া খাটাং। কাৰণ ৰামপুৰ প্ৰথম আৰু দ্বিতীয় গাঁও দুখনত বসবাস কৰা লোকসকল মাছমৰা, পশুপালন,কৃষি, মৃৎ শিল্প আদিৰ কৰ্মৰ লগত জড়িত হৈ আছে। যদি ল’জিষ্টিক পাৰ্ক সেই অঞ্চলত স্হাপন কৰা হয় তেনেহলে তাত বসবাস কৰা লোকসকল প্ৰাথমিক উপাৰ্জনৰ পথৰ পৰাই বঞ্চিত হব। আনহাতে কাৰ্বি আংলংৰ ৫০ হেজাৰ বিঘা মাটি কমপ্ৰেছড বায়’গেছ প্ৰকল্পৰ বাবে ৰিলায়েন্স গ্ৰুপক গতাবলৈ ঠিৰাং কৰিছে। গোলাঘাটত ফলঙনি বীজপামৰ ৭৫ বিঘা মাটি ৰামদেৱক তৈল খেজুৰ খেতিৰ বাবে, কেন্দ্ৰীয় চৰকাৰৰ দা নেচনেল মিছন অন ইডেবল অইয়লে ৩ লাখ বিঘা মাটি তৈল খেজুৰ খেতি কৰিবৰ বাবে ৰাজ্য চৰকাৰে দিবলৈ তৎপৰ হৈ পৰিছে। সেই তিনি লাখ বিঘা মাটি এডভাণ্টেজ আছাম ২.০ ত চুক্তিবদ্ধ হোৱা বিভিন্ন কোম্পানীক গতাব।অতি সম্প্ৰতি কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা অঞ্চলৰ ৩.৬০০ বিঘা মাটি আদানি গ্ৰুপক দিবলৈ ঠিক কৰাৰ বিষয়ে জানি সেই অঞ্চলৰ খিলঞ্জীয়া লোকসকল প্ৰতিবাদমুখৰ হৈ পৰিছে। তেনেদৰে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ খিলঞ্জীয়া বসতি স্থান বিভিন্ন কোম্পানীক গতাবলৈ ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ।এয়া ভূমিপুত্ৰৰ মাটি বণিয়া গোষ্ঠীক দিবলৈ ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্তৰ কেইটামান উদাহৰণহে।

  আমি জানো যে এখন ৰাজ্য উন্নতিৰ জখলাত আগবাঢ়িবলৈ হ'লে বিভিন্ন প্ৰকাৰৰ উদ্যোগ, প্ৰকল্প, আচঁনি আদি লাগিব। কিন্তু ভূমিপুত্ৰক উচ্ছেদ কৰি, তেওঁলোকৰ জীৱন -জীৱিকাত প্ৰভাৱ পেলাই তথা ৰাজহুৱা উদ্যোগ বন্ধ কৰি দি কেৱল বহিঃৰাগত বণিয়াক ৰঙা দলিচা পাৰি দিয়াতো কিমান যুক্তিসংগত। অসমত আজি কেইবছৰমান আগলৈকে বহুকেইটা ৰাজহুৱা উদ্যোগ আছিল, যিকেইটা উদ্যোগে ভালদৰে উৎপাদন কৰি আছিল, অথচ সেই উদ্যোগবোৰ বন্ধ কৰি দি বৰ্তমান "এডভাণ্টেজ আছাম ২.০" ৰ গইনা লৈ থলগিৰিৰ বসতিস্থল, চৰণীয়া পথাৰ, কৃষিভূমি ব্যক্তিগত উদ্যোগ স্থাপনৰ বাবে বহিঃৰাগত কোম্পানীক গতাবলৈ ঠিক কৰাতো সঁচাকৈয়ে সঠিক হৈছে নে? কাৰণ অসমত স্হানীয় উদ্যোগ গঢ়ি উঠিব পৰাকৈ সকলোখিনি আছে। অসমত মীন উদ্যোগ,বয়ন উদ্যোগ,চাহ, মৰাপাট,দুগ্ধ, কাগজ, ৰাসায়নিক সাৰ,চেনি আদি কৰি কত যে উদ্যোগ গঢ়িব পৰাকৈ কেঁচামাল, শ্ৰমিককে আদি কৰি যিখিনি লাগে সকলোখিনি থকাৰ পিছতো কিয় বহিঃৰাগত কোম্পানীক আমন্ত্ৰণ কৰি আনি ভূমিপুত্ৰক উচ্ছেদ কৰিছে। চৰকাৰৰ মতে দেশী-বিদেশী এই ব্যক্তিগত কোম্পানিসমূহ অসমৰ মাটিত স্থাপন হ'লে অসম অৰ্থনৈতিকভাবে আগবাঢ়িব, বিকাশ হ'ব আৰু অসমৰ লোকে উদ্যোগ সমূহত সংস্থাপন পাব। কিন্তু ইতিহাস সাক্ষী আছে ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসম বৃটিছৰ হাতলৈ যোৱাৰ পাছত যেতিয়া বৃটিছে অসমত বিভিন্ন ধৰণৰ উদ্যোগ, কাৰ্যালয় আদি স্থাপন কৰিবলৈ ল'লে তেতিয়া সেই কাৰ্যালয়, উদ্যোগ আদিত অসমীয়া লোক সংস্থাপন পোৱাত অযোগ্য বুলি ভাবিলে তেতিয়া বৃটিছে কাৰ্যালয়, উদ্যোগ,কাছাৰী আদিত বেংগলৰ পৰা লোকক আনি সংস্থাপন কৰিলে, লাহে লাহে অসমৰ মাটিতে অসমীয়াই নিজৰ ভাষাটো কোৱা বা পঢ়া-শুনা কৰাৰ পৰাও বঞ্চিত হ'ল। অৰ্থাৎ বহিঃৰাগত গোজেই গজালি হৈ পৰিছিল। সেয়েহে বৰ্তমান বহিঃৰাগত ব্যক্তিগত কোম্পানিসমূহেও নিজৰ ইচ্ছামতে কৰ্মচাৰীক নিয়োগ কৰিব, উপযুক্ত লোক কোম্পানীবিলাকে নিজেই লৈ আহিব, তেতিয়া অসমীয়াৰ বিশেষ সুবিধা নাথাকিব।যি কেইজন অসমীয়াই কোম্পানীবিলাকত চাকৰি পাব ,সেই কেইজন হ'ব একেবাৰে নিম্ন পৰ্যায়ৰ।বহিঃৰাগতৰ দপদপনিত লাহে লাহে অসমীয়াই সকলো হেৰুৱাই পেলাব। নিজৰ ভূমি অধিকাৰো যাব, ভাষা -সংস্কৃতিলৈও বহু পাৰ্থক্য আহিব। গতিকে সময় থাকোঁতেই চৰকাৰে বিষয়টো অনুধাৱন কৰাতো উচিত।

Leave a comment

Your email address will not be published. Required fields are marked *