বিশিষ্ট সাংবাদিক তথা চিন্তাবিদ, লেখক হাইদৰ হুছেইনক প্ৰদান কৰা হ’ল ‘লেংডন বাতৰি সাংবাদিকতা বঁটা ২০২৫’
আজি ৰাজ্যৰ বিশিষ্ট সাংবাদিক তথা চিন্তাবিদ, লেখক হাইদৰ হুছেইনক প্ৰদান কৰা হ’ল ‘লেংডন বাতৰি সাংবাদিকতা বঁটা ২০২৫’ ।
২০২১ চনত প্ৰতিষ্ঠা হৈছিল সামাজিক, সাংস্কৃতিক, শৈক্ষিক অনুষ্ঠান লেংডন ফাউণ্ডেশ্যন। এই অনুষ্ঠানটিয়ে বিগত দিনত শদিয়াৰ পৰা নলবাৰীলৈকে অসমৰ বিভিন্ন প্ৰান্তত গছপুলি ৰোপন কৰি সমাজক সজাগ আৰু সচেতন কৰি আহিছে। লগতে সমাজক সজাগ আৰু সচেতন কৰিবৰ বাবে দুখীয়া-নিচলাক বস্ত্ৰ বিতৰণকে আদি কৰি বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে এই অনুষ্ঠানটিয়ে।
উক্ত অনুষ্ঠানটিৰ উদ্যোগতে সাপ্তাহিক বাতৰি কাকত ‘লেংডন বাতৰি’ আৰু ‘লেংডন বাতৰি পৰ্টে’ল’ৰ জন্ম হৈছিল। দুইটি অনুষ্ঠানৰে প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে প্ৰথমটি সাংবাদিকতা বঁটা অসমৰ বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনক প্ৰদান কৰা হ’ল।
আজি লেংডন ফাউণ্ডেশ্যনৰ এটি সঁজাতি দলে বিশিষ্ট সাংবাদিকগৰাকীৰ ভৰলুমুখস্থিত বাসগৃহত উপস্থিত হৈ সাংবাদিকগৰাকীক বঁটা প্ৰদান কৰে। বঁটা প্ৰদান কাৰ্যসূচীত উপস্থিত থাকে লেংডন ফাউণ্ডেশ্যনৰ অধ্যক্ষ নিতুল বৰগোহাই, লেংডন ফাউণ্ডেশ্যনৰ মুখ্য উপদেষ্টা ডঃ মনোৰঞ্জন বৰগোহাঁই, লেংডন বাতৰি কাকতৰ সম্পাদিক ৰেখা বৰগোঁহাই, লেংডন ফাউণ্ডেশ্যনৰ কামৰূপ জিলাৰ সভানেত্ৰী ৰেখামনি নাওশলীয়া ফুকন ডেকা, সদস্যা মৃণালী বৰবৰুৱা