পাহৰণিৰ গৰ্ভত হেৰাই যাব নেকি, অসমীয়া সমাজৰ মাছ ধৰা সঁজুলি?

অসমৰ মাছ ধৰা সঁজুলিসমূহ সাধাৰণতে হাতেৰে তৈয়াৰ কৰা বাঁহ-বেতৰ সঁজুলি। গ্রাম্য সমাজৰ প্ৰায় সংখ্যক লোকেই মাছ ধৰা সঁজুলিসমূহ তৈয়াৰ কৰিব জানিছিল। সেয়েহে এই সমূহ অসমৰ কূটীৰ শিল্পৰ অন্তৰ্গত। অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন শ্ৰেণীৰ লোকে বিভিন্ন পদ্ধতিৰে বিভিন্ন সঁজুলি আৰু কৌশলৰ প্ৰয়োগ কৰিছিল। সাধাৰণতে মাছ ধৰা সঁজুলিসমূহৰ নাম হৈছে- জাকৈ, খালৈ, জাল, জুলুকি প’ল, চেপা, খোঁকা, ডিঙৰা, হুকুমা, বান, লাহনী লেহেতী, দলঙা, চালনী, ঘোকলং, ঘনী, পঁচা বৰশী আদি।

জাকৈ: তিনিকোণীয়া মাছ ধৰা বাঁহৰ সঁজুলি। এই সঁজুলিবিধ বেছিকৈ মহিলা সকলে ব্যৱহাৰ কৰে। সাধাৰণতে কম পানী থকা ঠাইত মাছ ধৰিবলৈ জাকৈ ব্যৱহাৰ কৰা হয়।এই সঁজুলিবিধ পানীৰ মাজেদি চলাই চলাই ওপৰলৈ দাঙি দাঙি মাছ ধৰা হয়। বিশেষকৈ দ’ পথাৰত ভেটা দি মহিলাসকলে মাছ ধৰা দৃশ্য গ্রাম্য সমাজত অতিকৈ সুলভ।

খালৈ: মাছ মাৰি মাছ থোৱা সঁজুলিটোৱে হ’ল খালৈ। ইও বাঁহ আৰু বেতেৰে তৈয়াৰী। খালৈ সাধাৰণতে কঁকালত বান্ধি লয়।

জাল: জাল খন সূতাৰে গোঁঠা হয়। জাল কেইবা প্ৰকাৰো। যেনে- টঙী জাল, খেৱালি জাল, ফাঁচি জাল আদি। জালসমূহ মাছৰ আকাৰ অনুসৰি গোঁঠা হয়।

জুলুকি: প্রায় দুফুট ওখ এবিধ বাঁহৰ সঁজুলি। জুলুকিয়ে সাধাৰণতে সৰু মাছ চাব মাৰি ধৰা হয়। আঠুয়নী পানী থকাৰ ঠাইত গোবৰ আৰু তুঁহগুৰিৰ মিশ্রন কৰি লাৰু বনাই পানীত পুঁতি লাৰুটো চিনি পাবলৈ বুলি এডাল খৰিকা লাৰুটোত গুজি থৈ অহা হয়। ১০-১৫ মিনিট মানৰ পিছতে লাৰুটোত জুলুকিয়ে চাব মাৰি মাছ ধৰা হয়।

প’ল: জুলুকিতকৈ বহল প’ল হৈছে বাঁহেৰে নিৰ্মিত মাছ ধৰা সঁজুলি। নদী, বিল আদিত ডাঙৰ মাছ ধৰিবলৈ ব্যৱহাৰ কৰা হয়। চাব মাৰি মাৰি প’ল মাৰি মাছ ধৰে।

চেপা: বাঁহৰ কাঠি তুলি দুই মূৰে সামান্য ঠেক কৰি গুঠা হয়। ইয়াক দেখাত তাঁত বোৱা মাঁকোটোৰ দৰে আৰু মাজ অংশ ফোপোলা। আকাৰত ডাঙৰ আৰু দৈর্ঘ্য প্রায় ১ মিটাৰ ওচৰা-ওচৰি। মাজভাগত এটা বহল বাট ৰখা হয় আৰু বাটটো কিছুমান সৰু কাঠিৰে বৈ দিয়া হয় যাতে মাছ সোমালে ওলাই আহিব নোৱাৰে।

খোকা: দীঘল বাঁহৰ পৰা নিৰ্মিত এবিধ সঁজুলি। সাধাৰণতে এপাব বাঁহৰ মুখখন বহলকৈ তৈয়াৰ কৰি পিছ অংশ ঠেক কৰি ৰাখে। পানীৰ সৰু সোঁতত এবিধ সঁজুলি পাতি থোৱা হয়। সাধাৰণতে পথাৰৰ আলি কাটি খোকা পতা হয়।

ডিঙৰা: ইয়াক বাঁহৰ পৈণত কাঠিৰে ঘূৰণীয়াকৈ দুই মূৰ সমান কৰি বনোৱা হয়। ডিঙৰাৰ সন্মুখৰ ফালে মাছ সোমাবৰ বাবে আৰু শেষৰ ফালে মাছ উলিয়াবলৈ দুটা পথ থাকে।

হুকুমা- হুকুমা বা পাঁউৰি হৈছে বাঁহৰ কাঠীৰে সজা এবিধ মাছ ধৰা যতন। ইয়াৰ ভিতৰত জেংজাবৰ দি তাক পানীত পেলাই থ’লে মাছ সোমাই।

বান: বাঁহৰ বেৰাৰ দৰে বান হৈছে বাঁহৰ কাঠি গাঁঠি সজা হয়। ওখ প্রায় ২/৩ ফুট। এইবিধ যতন সৰু নদীসমূহৰ সোঁতত পাতি থৈ মাছ ধৰে

লাহনি: খাল, নলা, পুখুৰী, পথাৰ আদিত পানী সিঁচিবৰ বাবে লাহনি ব্যৱহাৰ কৰা হয়। ১ মিটাৰ মান দীঘল এডাল সৰু বাঁহত এমূৰে শংকুৰ দৰে টিন বান্ধি লাহনি তৈয়াৰ কৰা হয়।

লেহেতি: তেলৰ টিং এটাৰ মাজত লৈ ৰছি দুডালেৰে গাঁঠি দি দুফালে দুজন লোকে ধৰি পানী সিঁচিবৰ বাবে লেহেতি তৈয়াৰ কৰা হয়। লেহেতিৰে পানী সিঁচিবলৈ দুজন মানুহৰ প্ৰয়োজন হয়।

দলঙা: দলঙা হ’ল বাঁহেৰে তৈয়াৰ কৰা মাছ ধৰা যতন। বাঁহ কাটি দীঘল দীঘল চেপেতাকৈ কাটি ঢাৰিৰ নিচিনাকৈ বৈ দলঙা তৈয়াৰ কৰা হয়।

চালনী: যদিও চালনীয়ে ধান, চাউল চলা হয়, কেতিয়াবা কেতিয়াবা মাছ ধৰিবৰ বাবেও চালনী ব্যৱহাৰ কৰা হয়। কম পানীত সৰু মাছ ধৰিবৰ বাবে চালনী মাছ ধৰা যতন হিচাপে ব্যৱহাৰ কৰা হয়।

এইবিলাকৰ দৰে ক’ত যে মাছ ধৰা সঁজুলি অসমীয়া গ্রাম্য সমাজত প্রচলিত হৈ আহিছে সেই অতীতৰ পৰাই। কিন্তু বর্তমান আধুনিকতাৰ ধামখুমীয়াত এই সঁজুলিসমূহ পাহৰণি গৰ্ভত বিলীন হ’বলৈ গৈ আছে। কাৰণ বৰ্তমান আগৰ দৰে অসমৰ খাল, বিল, পুখুৰী, জান-জুৰিত মাছ নাইকিয়া হৈ আহিছে। লগতে মানুহে মাছ মাৰিবলৈ যোৱাৰ দৰে অকৃত্ৰিম কাৰ্যকলাপ সমূহ কৰিবলৈকে ইচ্ছা নকৰে। আনহাতে নতু।ন প্রজন্মও এইবিলাকৰ লগত চিনাকি হোৱাৰ পৰিৱেশটোও নোপোৱা হৈছে

Leave a comment

Your email address will not be published. Required fields are marked *