তৈল খেজুৰৰ খেতি,জৈৱ বৈচিত্ৰ্যলৈ অশনি সংকেত
ৰেখা বৰগোহাঁই
অসম চৰকাৰৰ উদ্যোগত তৈল খেজুৰৰ খেতি অসমৰ বিভিন্ন অঞ্চলত কেইবাটাও কোম্পানীয়ে কৰিবলৈ লোৱাৰ সন্দৰ্ভত সম্প্ৰতি বিভিন্ন মহলত প্ৰতিবাদৰ জোৱাৰ উঠিছে আৰু বিষয়টো বিৰ্তকলৈ গতি কৰিছে। ইতিমধ্যে অসম চৰকাৰে “এডভাণ্টেজ আসাম ২.০” ৰ জৰিয়তে গোলাঘাটৰ ফলঙনী বীজপামৰ ৭৫ বিঘা মাটি ৰামদেৱক আৰু কেন্দ্ৰীয় চৰকাৰৰ “দা নেচনেল মিছন অন ইডেবল অইলে” তিনি লাখ বিঘা মাটি তৈল খেজুৰৰ খেতিৰ বাবে দিবলৈ সিদ্ধান্ত লৈছে। সেইকাৰণে এতিয়া অসমৰ সচেতন মহল ইয়াৰ বিৰুদ্ধে প্ৰতিবাদমুখ হৈ পৰিছে। যিহেতু তৈল খেজুৰ খেতিৰ বহু নেতিবাচক দিশ আছে,ই জৈৱ বৈচিত্ৰ্যলৈ কঢ়িয়াই আনে অশনি সংকেত।
আচলতে তৈল খেজুৰনো কি আৰু ইয়াৰ পৰা কি লাভালাভ হয় সেইবিষয়ে আমি জানি লোৱাতো ভাল। তৈল খেজুৰৰ পৰা এবিধ উদ্ভিদজাত তেল প্ৰস্তুত কৰা হয়, যি তেল তৈল খেজুৰ গছৰ ফল মেছ’কাপ (ৰঙা ৰঙৰ পাল্প) ৰ পৰা আহৰণ কৰা হয়।উদ্ভিদজাত তেল খাদ্য প্ৰস্তুতকৰণ, সৌন্দৰ্য সামগ্ৰীত আৰু জৈৱ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়।পাম তেল বা তৈল খেজুৰৰ পৰা উৎপাদিত তেল সমগ্ৰ বিশ্বত মাত্ৰ ৩৩ শতাংশ উৎপাদন হয়। সেই কাৰণে এই তেলৰ মূল্য অধিক হোৱাৰ লগতে গুৰুত্বও বেছি। কিন্তু ইয়াৰ পৰা যে পৰিৱেশ, বায়ু, পানী, জৈৱ বৈচিত্ৰ্যত ভয়ংকৰ প্ৰভাৱ পৰে সেইকথা পৰিৱেশ বিজ্ঞানী আৰু বিশেষজ্ঞ সকলে মত প্ৰকাশ কৰিছে। সেয়েহে বিশ্বৰ বিভিন্ন দেশত এই খেতি কৰাক লৈ তৰ্ক বিতৰ্ক আৰম্ভ হৈছে। বিপৰীতে কিন্তু অসমত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে তৈল খেজুৰৰ খেতি আৰম্ভ কৰিব বিচাৰিছে। গতিকে অসমৰ জনসাধাৰণৰ মাজত এই খেতিক লৈ সংশয় আহিছে, লগতে বিতৰ্ক আৰু প্ৰতিবাদ আৰম্ভ হৈছে।
তৈল খেজুৰ খেতিৰ পৰা বহুখিনি নেতিবাচক প্ৰভাৱ পৰে।এই বিষয়ে বিশ্বৰ বিভিন্ন প্ৰান্তত আলোচনা বিলোচনা হৈছে। পৰিৱেশ বিজ্ঞানী আৰু বিশেষজ্ঞ সকলৰ মতে তৈল খেজুৰৰ খেতি কৰা অঞ্চলত বনাঞ্চল ধ্বংস হয়। কাৰণ এই খেতি বিস্তৃণ অঞ্চল জুৰি কৰা হয়, তাৰ কাৰণে সেই অঞ্চলত থকা অন্যান্য গছ-গছনি ব্যাপক ৰূপে ধ্বংস কৰা হয়। ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হয় আৰু বায়ু প্ৰদূষণ হয়। গোলকীয় উষ্ণতা বৃদ্ধি হয়। তাৰ ফল ভোগ কৰে স্তন্যপায়ী প্ৰাণী আৰু পক্ষীকূলে। তৈল খেজুৰ খেতিত অত্যধিক ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ কাৰণে ভূমি প্ৰদূষণ,জল প্ৰদূষণ অধিক হয়। ব্যাপক ৰূপে বনাঞ্চল ধ্বংস কৰাৰ কাৰণে ভূমি খহনীয়া হয়। তদুপৰি এক লিটাৰ খেজুৰ তেল উৎপাদন কৰিবলৈ যাওঁতে ব্যৱহাৰৰ অনুপযোগী ২.৫ লিটাৰ মলিয়ন তেল অৰ্থাৎ গেদ বাহিৰ কৰা হয়। যিখিনি নলা নৰ্দমাত পেলাই দিয়াৰ ফলত জলজ প্ৰাণীসমূহলৈ ভাবুকি আনে। সেই গেদখিনিও জল,স্হল আৰু বায়ু প্ৰদূষণ কৰে। ফলত থলুৱা গছ-গছনি আৰু প্ৰাণী সমূহলৈ সংশয় নমাই আনে। আটাইতকৈ ডাঙৰ কথাটোয়ে হৈছে এজোপা পূৰঠ তৈল খেজুৰ গছে দৈনিক প্ৰায় তিনিশ লিটাৰ পানীৰ শোষণ কৰে। সেয়েহে এই খেতি কৰা অঞ্চলসমূহত লাহে লাহে পানীৰ অভাৱ ঘটে। অনাগত দিনত গোটেই অঞ্চলটো মৰুভূমিৰ সদৃশ হৈ পৰে।
অসমৰ চুবুৰীয়া ৰাজ্য মিজোৰামত ২০০৫ চনতে তৈল খেজুৰ খেতি কৰিব কাৰণে চিনাক্ত কৰি থোৱা অঞ্চলসমূহত ২০২১ চনৰ জুলাই মাহৰ পৰা এই খেতি কৰিবলৈ আৰম্ভ কৰিছিল। বৰ্তমান মিজোৰামে ইয়াৰ কুফল ভুগিবলৈ লৈছে। তৈল খেজুৰ খেতিয়ে মিজোৰামৰ পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে, স্হানীয় পৰিৱেশ আৰু জলবায়ু ক্ষতিসাধন কৰিছে, বনাঞ্চল আৰু জৈৱ বৈচিত্ৰ্য ধ্বংস কৰিছে,দিনে দিনে ভূগৰ্ভস্থ পানী শুকাই গৈছে। বিশেষকৈ এই খেতিৰ পৰা বিভিন্ন কাৰণত লাভ নোহোৱাৰ কাৰণে মিজোৰামৰ খেতিয়ক সকল লাহে লাহে এই খেতি ত্যাগ কৰিবলৈ লৈছে।
উল্লেখযোগ্য যে তৈল খেজুৰ পশ্চিম আফ্ৰিকাৰ থলুৱা উদ্ভিদ। ইয়াৰ বৈজ্ঞানিক নাম Elaeis guineensis jacq . অথচ সেই অঞ্চলসমূহতে তৈল খেজুৰৰ খেতিয়ে ব্যাপক ৰূপে ঋণাত্মক প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে। দক্ষিণ আমেৰিকাতো তৈল খেজুৰ খেতি ব্যাপক ৰূপে কৰাৰ কাৰণে বনভূমি আৰু বন্যপ্ৰাণী প্ৰাকৃতিক আবাদী ধ্বংস হৈছে। সেই অঞ্চলসমূহত প্ৰায় ১৯৩ বিধ সংকটত থকা প্ৰাণীক বেয়াকৈ প্ৰভাৱিত কৰিছে। বৰ্নিঅ’ৰ দ্বীপত তৈল খেজুৰ খেতি প্ৰসাৰণৰ কাৰণে কেইবছৰমানৰ ভিতৰতে তাত প্ৰায় ৫০ শতাংশ বনভূমি ধ্বংস হৈছে। দক্ষিণ -পূৱ এছিয়াৰ বৰ্ষাৰণ্যলৈও এই খেতিয়ে সংকট নমাই আনিছে। ইতিমধ্যেই এই খেতি শ্ৰীলংকা চৰকাৰে একেবাৰে নিষিদ্ধ কৰিছে।ইন্দুনেচিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰই তৈল খেজুৰ খেতি ব্যৱসায়িক ভাৱে কৰিবলৈ এৰি দিছে। তৈল খেজুৰ খেতিৰ ইমানবোৰ নেতিবাচক প্ৰভাৱ থকাৰ পিছতো কেন্দ্ৰীয় তথা অসম চৰকাৰে গুৰুত্ব সহকাৰে কিয় খেতি কৰিবলৈ লৈছে সেয়াহে চিন্তনীয় বিষয় । কেৱল আৰ্থিক লাভৰ আশাত মাৰাত্মক বুলি চিহ্নিত হোৱা তৈল খেজুৰ খেতি অসমৰ মাটিত কৰি ভবিষ্যতৰ প্ৰজন্মক ধ্বংস গৰাহলৈ ঠেলি দিলে সময়ে কাকো ক্ষমা নকৰিব। গতিকে এই সম্পৰ্কে বিস্তৃত অধ্যয়ন আৰু গৱেষণাৰ প্ৰয়োজন আছে। তদুপৰি তৈল খেজুৰ খেতিৰ পৰিবৰ্তে অসম চৰকাৰে যদি বছেৰেকত তিনিবাৰকৈ অসমৰ সাৰুৱা মাটিত উন্নত মানৰ ধান খেতি কৰাৰ পৰিকল্পনা কৰে লগতে অসমৰ মাটিত কম পৰিশ্ৰমে অধিক উৎপাদন হোৱা উদ্ভিদজাত সামগ্ৰী সমূহ উৎপাদন কৰাত গুৰুত্ব দিলে সেয়া ফলপ্ৰসূ আৰু সদূৰপ্ৰসাৰী হ’ব আৰু অসমৰ সৰ্বাংগীন উন্নতি হ’ব।








































































