এই পৃথিৱীখন কেৱল মানুহৰ বাবেই নহয়… প্রত্যেক জীৱ- জন্তুৰে সমান অধিকাৰ আছে
যোৱা ১১ আগষ্ট তাৰিখে উচ্চতম ন্যায়ালয়ে এক ৰায় প্রদান কৰিছিল যে দিল্লী এন চি আৰৰ পৰা পদপথত থকা সকলো কুকুৰক আঁতৰাই আশ্ৰয় গৃহত ৰাখিবলৈ।সেই কাম সম্পূর্ণ কৰিবলৈ দিল্লীৰ প্রশাসনক ৮ সপ্তাহ সময় বান্ধি দিছিল। ন্যায়ালয়ৰ সেই ৰায়ৰ বিৰুদ্ধে পশুপ্ৰেমী বহুলোক ৰাজপথলৈ ওলাই আহি প্রতিবাদ কৰিবলৈ ধৰিছে। বর্তমান সময়লৈকে প্রতিদিনাই ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে আৰু কুকুৰৰ জন্মস্বত্ব অধিকাৰ প্রদান কৰিবলৈ সংকল্প লৈছে। কেৱল পশুপ্ৰেমী ৰাইজে নহয় বহু খ্যাত-অখ্যাত অভিনেতা-অভিনেত্রী, ক্রিকেটাৰ, ৰাজনৈতিক নেতা, সমাজ সচেতন লোকে সেই ৰায়ৰ বিৰুদ্ধে মাত মাতিছে।
আচলতে কি কাৰণত উচ্চতম ন্যায়ালকে সেই ৰায় দিবলৈ পালে। দিল্লীৰ পদপথত মাজে- সময়ে কুকুৰৰ পৰা কিছুমান অবাঞ্চিত ঘটনা ঘটি আহিছে। তাৰ আলম লৈয়ে কোনো ভুক্তভোগীয়ে ন্যায়ালয়ৰ কাষ চাপিছিল। সেয়েহে ন্যায়াধীশ জে বি পার্দিৱালা আৰু আৰ মহাদেৱনৰ বিচাৰপীঠে সোমবারে ১১ আগাষ্টত আদালতত কয় যে দিল্লীত কুকুৰে কামোৰা কাণ্ডই অতি ভয়াবহ ৰূপ ধাৰণ কৰিছে আৰু সেই কাৰণেই এন চি আৰৰ পৰা সকলো পদপথৰ কুকুৰক অতি সোনকালেই স্থায়ীভাৱে স্হানন্তৰিত কৰাৰ নিৰ্দেশ দিয়ে। তাৰ বাবে প্ৰসাশনক দুমাহৰ সময় দিয়া হৈছিল। যদি কোনোবাই সেই নির্দেশক বিৰোধিতা কৰে তেনেহলে তেওৰ বিৰুদ্ধেও ব্যৱস্থা গ্রহণ কৰা হয় । ন্যায়লয়ৰ নির্দেশৰ পিছতে দিল্লী চৰকাৰে কুকুৰবোৰ আতৰাবলৈ তৎপৰ যে পৰে আৰু খুউৱ নিৰ্দয়ভাৱে কুকুৰবোৰ ধৰি নি স্থানন্তাৰিত কৰিবলৈ লোৱাত কেৱল দিল্লীয়ে নহয় সমগ্র দেশতে ইয়াৰ বিৰুদ্ধে জনসাধাৰণ তথা পশুপ্ৰমীসকল ওলাই আহিছে ।ইতিমধ্যে বহু লোকে মুখ্য ন্যায়াধীশলৈ সেই ৰিয় স্থগিত ৰাখিবলৈ আবেদনো জনাইছে।
কুকুৰ এনে এটি নিমাখিত প্রাণী, যিয়ে সদায়ে মানুহৰ আশে-পাশে বাস কৰে। কবলৈ গ’লে কুকুৰ হৈছে মানুহৰ অতিকে বিশ্বাসী প্রাণী। যদি কুকুৰক দুই-তিনিদিন ভালদৰে পেটভৰাই খাবলৈ দিয়ে আৰু অলপ মৰম কৰে মানুহক কেতিয়াও পাছৰি নাযায় কুকুৰে কেতিয়াবা নিজৰ জীৱন দান দি হলেও গৃহস্থৰ জীৱন ৰক্ষা কৰে, সেইকাৰণে কুকুৰক প্ৰভুভক্ত বুলি কোৱা হয়। সেই প্রভুভক্তকে মানুহে নাজানি-নুবুজি বা তাৰ গুৰুত্ব নুবুজি প্ৰায়ে আলাই-আথানি কৰি অহা আমি দেখিছোঁ। সেয়েহে ঘৰত পোহা কুকুৰটোকো বহুতে বান্ধি থয়, সময়মতে খোৱা-বোৱা নিদিয়ে বা প্রযোজনীয় কামখিনি কৰিবলৈও কুকুৰটোৰে নিজৰ ইচ্ছামতে যাব নোৱাৰে। তদুপৰি বহুতে ঘৰত জন্মা কুকুৰপোৱালীকেইটাকো খোৱাব নোৱাৰো, ৰাখিব নোৱাৰোকৈ ৰাস্তাত এৰি দিয়ে বিশেষকৈ মাইকী পোৱালী হ’লে কবয়ে নালাগে। তেনেদৰে ৰাস্তাত এৰি দিয়া কুকুৰে সময়ত অসুৰক্ষিতভাবে বংশবৃদ্ধি কৰি আহি আছে। কিন্তু সিহঁত যে সম্পূর্ণৰূপে মানুহৰ নিৰ্ৰভশীল। মানুহে খাবলৈ দিলেহে সিহঁতে খাবলৈ পায়। যেতিয়া পদপথৰ কুকুৰবোৰে ভালদৰে খাবলৈ নাপায়, থাকিবলৈ নেপায় আৰু প্রায় সংখ্যক লোকে লেই-লেই-চেই চেই কৰে, মাৰপিট কৰে, বিভিন্ন অত্যাচাৰ কৰে, তেতিয়াই পদপথৰ কুকুৰবোৰ উগ্র হৈ পৰে আৰু মানুহক আক্রমণ কৰে। সেইকাৰণে সিহঁতবোৰ মানুহৰ কাৰণে শত্রু হৈ পৰে । সেই শত্ৰুতাক আগবঢ়াই নিবলৈকে কেতিয়াবা কেতিয়াবা কুকুৰক বিহ খোৱাই হত্যা কৰে নতুবা কথাবোৰ গৈ আদালতৰ মজিয়া পাইগৈ। অৱশ্যে এনে বহুলোক আছে যিসকলে পদপথৰ কুকুৰবোৰক দিনে-নিশায়ে খোৱা-বোৱা যোগান ধৰি আহিছে, বিভিন্ন চিকিৎসা প্রদান কৰি আহিছে । যেতিয়া উচ্চতম ন্যায়ালয়ৰ ৰায়টো আহিলে, তেতিয়াই এই কুকুৰপ্রেমীসকল স্তম্ভিত হৈ পৰে আৰু তাৰ প্রতিবাদ কৰিবলে ৰাস্তালৈ ওলাই আহিবলৈ ললে।
বর্তমান আমি লক্ষ্য কৰিছোঁ মানুহ নামৰ প্ৰাণীটোয়ে সমগ্র বিশ্বখনতে অকলে থাকিবলৈ লাগে। সেয়েহে দিনে দিনে মানুহে জীৱ জন্তুৰ ওপৰত, প্ৰকৃতিৰ ওপৰত অকথ্য নিৰ্যাতন কৰিবলৈ লৈছোঁ। ঘৰ-দুৱাৰ, উদ্যোগ, অট্টালিকা আদি নিৰ্মাণ কৰিবলৈ মানুহে বনাঞ্চল ধ্বংস কৰিবলৈ লৈছে।গছ-গছনি কাটি তহিলং কৰিছে, পাহাৰ-পর্বত কাটি পেলাই সমান কৰিছে, খাল-বিল পুতি পেলাইছে। ফলত সেইবিলাক অঞ্চলত থকা জীৱ-জন্তুবোৰৰ থাকিবলৈ , খাবলৈ একোৱে নোহোৱা হৈছে। সেয়েহে আমি দেখা পাওঁ বহু বন্য প্রাণী জনপথলৈ ওলাই অহা। তেনেকৈ ওলাই আহিও সিহঁতে শান্তি নাপায়। মানুহ নামৰ প্ৰাণীটোয়ে হাতে-হাতে দা-লাঠীলৈ বন্য উল্লাহত সিহঁতৰ ওপৰত জপিয়াই পৰে আৰু হত্যা কৰি দেহটো টুকুৰা- টুকুৰ কৰি পেলাই। কিন্তু মানুহ নামৰ প্রাণীটোৰে এবাৰলৈও ভাবি চাইনে এনে কৰাৰ ফলত কি লাভ হয়। লাভৰ কথাটো দূৰৰে কথা মানুহৰ যে লোকচান হয়, সেই কথা কিমানজনে বুজি পায়। মানুহক ভগবানে উচ্চ ক্ষমতাসম্পন্ন এটা মগজু দিছে এখন হৃদয় দিছে
কথা কব পৰা শক্তি দিছে, যাৰ জৰিয়তে মানুহে সুখ-দুখ-কষ্টৰ কথা প্রকাশ কৰিব পাৰে । তাৰ পৰিবর্তে জীৱ-জন্তু, গছ-গছনিক অনুভৱ কৰিব পৰাকৈ এটা শক্তি দিছে। সেইখিনিয়ে জীৱ- জন্তুৱে মানুহৰ লগত সম্পর্ক স্থাপন কৰিব বিচাৰে। জীৱ-জন্তুৱে চকুৰে, সিহঁতৰ ভাষাৰে মানুহক কিবা কব বিচাৰে আৰু গছ-গছনিয়ে কটা সময়ত ওলোৱা পানীখিনিয়ে বুজাব বিচাৰে সিহঁতৰ দুখ-কষ্টক। কিন্তু জীৱশ্রেষ্ঠ বুলি ভবা মানুহে সেয়া কিমান বুজি পায়?
জীব-জন্তুৰ দুখ-কষ্টক বা ভাষা বুজি নোপোৱাৰ কাৰণেই উচ্চতম ন্যায়ালয়ে দিল্লীৰ পদপথৰ কুকুৰবোৰক আঁতৰাবলৈ ৰায় প্রদান কৰিলে । মানুহৰ যিদৰে জীয়াই থকা অধিকাৰ আছে, তেনেদৰে পদপথত কুকুৰবিলাকৰো নিজৰ মতে জীয়াই থকা অধিকাৰ আছে ।সেই অধিকাৰ যেতিয়া মহামান্য উচ্চতম ন্যায়ালয়ে খর্ব কৰিবলৈ ৰায় দিলে তেতিয়া পশুপ্রেমীসকল বহি থাকিব নোৱাৰিলে। সিহঁতৰ অধিকাৰ দিবলৈ ৰাজপথলৈ ওলাই আহিছে । কাৰণ বহু পশুপ্ৰেমীয়ে কুকুৰক নিয়মীয়াকৈ আহাৰ যোগান ধৰি আহিছে,চিকিৎসা প্রদান কৰি আহিছে । লগতে সাধ্যনুসৰি আশ্রয়ো দি আহিছে ।
এই পৃথিবীখন কেৱল মানুহৰে নহয়। সকলো জীৱ-জন্তু ,চৰাই-চিৰিকতি তথা গছ-গছনিৰো সমান অধিকাৰ আছে। যদি পৃথিবীৰ পৰা সকলো জীব-জন্তু ,প্রাণী, গছ-গছনি নাইকিয়া হৈ যায়, তেতিয়া যে মানুহো জীয়াই থাকিব নোৱাৰে সেইকথা মানুহে বুজি পোৱাতো উচিত। পৃথিৱীৰ প্রতিজন মহাপুৰুষ তথা গুনী-জ্ঞানী লোকসকলে জীৱ-জন্তুৰ প্রতি সদয় হবলৈ মানুহক পৰামর্শ দি গৈছে। সম্ৰাট অশোক, বুদ্ধদেৱ, শংকৰদেৱ, যীশু, হজৰত মহম্মদ-প্রত্যেকজনে বিলাই যোৱা মহান মহান বাণীবিলাক মানুহে সাৰোগত কৰাতো উচিত। সেয়েহে আমাৰো মহামান্য উচ্চতম ন্যায়ালয়ৰ প্রতি প্রার্থনা দিল্লীৰ পদপথ কুকুৰবোৰক নিজৰ অধিকাৰে জীয়াই থাকিবলৈ দিয়ক। সিহঁতৰ প্ৰতি অন্যান্য ব্যৱস্থা গ্ৰহণ কৰক। ১১ আগষ্টত যি ৰায় প্রদান কৰিছিল সেয়া যেন পুনৰ বিবেচনা কৰক।