পোহনীয়া কুকুৰৰ যতন।

মানুহৰ আটাইতকৈ বিশ্বাসী আৰু অতি সহজে পোহ মনা জন্তুবিধেই হ’ল কুকুৰ। সেয়েহে মানুহে কুকুৰক পুহিবলৈ ভাল পায়। আনহাতে কুকুৰেও যি মানুহে সিহঁতক আপডাল কৰে বা ভালকৈ খাবলৈ-থাকিবলৈ দিয়ে সেই মানুহক কেতিয়াও পাহৰি নাযায়। প্রতি ক্ষণ মানুহজনক কুকুৰে সুৰক্ষা দিয়ে। কেতিয়াবা কেতিয়াবা কুকুৰে নিজৰ জীৱন দি হ’লেও গৃহস্থক কিছুমান বিপদৰ পৰা ৰক্ষা কৰে। সেয়েহে কুকুৰক প্রভুভক্ত বুলি কয়।

আগতে ঢেঁকুৰা প্ৰজাতিৰ কুকুৰ গাঁৱৰ প্ৰায় প্ৰতি ঘৰতে আছিল বুলিয়ে ক’ব পাৰি। এই প্রজাতিটোক গৃহস্থই বৰ বেছি যত্ন লোৱাও নাছিল। খাদ্যৰ নামত মাথো কাঁহীৰ কাষত থাকি যোৱা ভাত আৰু শাক-পাত বা মাছ-মঙহৰ হাড় আদি খাবলৈ দিছিল আৰু ঘৰৰ বাৰাণ্ডাৰ চুকত বস্তাত শুইছিল। ক’বলৈ গ’লে ঘৰৰ বাহিৰতে সিহঁতে জীৱন নিৰ্বাহ কৰিছিল।

সময় সলনি হ’ল। বর্তমান নগৰ-চহৰ সমূহত মানুহে বিভিন্ন দেশী-বিদেশী প্ৰজাতিৰ কুকুৰ পুহিবলৈ ধৰিলে। আনকি যি ঢেঁকুৰা প্ৰজাতিৰ কুকুৰক এসময়ত ঘৰৰ বাহিৰত ৰাখিছিল, সেই কুকুৰকো বৰ্তমান বৰ যত্নৰে ঘৰৰ ভিতৰত পুহিবলৈ লৈছে। সেয়েহে ইহঁতৰ প্ৰতি দায়িত্বও মানুহৰ বাঢ়িছে। যিহেতু যত্নৰে পোহা কুকুৰটো মানুহৰ সংস্পৰ্শত থাকে, গতিকে কিছুমান নীতি-নিয়ম মানি চলাটো খুবেই জৰুৰী। তেনে কিছুমান নীতি-নিয়ম হৈছে –

১) পোহনীয়া কুকুৰটোক সদায়ে সহজে হজম হ’ব পৰা তথা পুষ্টিকৰ আৰু ৰুচিকাৰক খাদ্য দিব লাগে।

২) মাছ-মাংসৰ হাড় আৰু কাঁইট দিব নালাগে। কাৰণ কেতিয়াবা এইবিলাক ডিঙিত লাগি ধৰিলে কুকুৰ মৃত্যুৰ মুখতো পৰে।

৩) কেঁচা মাছ-মাংস দিব নালাগে। কাৰণ এইবিলাকত থকা অন্তঃ পৰজীৱীবোৰে ইহঁতক আক্রান্ত কৰি অসুস্থ কৰি তোলে।

৪) নিয়মিত কুকুৰৰ খাদ্যত খনিজ পদার্থ, খাদ্যপ্রাণ আদি যোগ কৰিব লাগে। লগতে নিয়মিত দিবলগীয়া ভেকচিন কেইটা দিয়াব লাগে।

৫) গৰম দিনত সপ্তাহত দুবাৰ আৰু শীতকালি দুসপ্তাহৰ মূৰত এবাৰ ভাল ছেম্পুৰে গা ধুৱাব লাগে।

৬) কুকুৰক সদায় ভাল শিক্ষা দিব লাগে। গৃহস্থই যেনে শিক্ষা দিয়ে ঠিক তেনে শিক্ষাই কুকুৰে গ্ৰহণ কৰে।
৭) কুকুৰৰ সুস্বাস্থ্য অটুট ৰাখিবলৈ সদায়ে সিহঁতৰ লগত খেলা-ধূলা কৰিব লাগে বা সময় সাপেক্ষে সিহঁতক বাহিৰত খোজ কাঢ়িবলৈও লৈ যাব লাগে।

৮) পোহনীয়া কুকুৰক কেতিয়াও বান্ধি থব নালাগে। সিহঁতৰ ইচ্ছানুযায়ী ইফালে-সিফালে যাব পৰাকৈ মুকলিকৈ ৰাখিব লাগে।

Leave a comment

Your email address will not be published. Required fields are marked *